ডিজিটেল ডেস্কঃ সামগ্ৰী আৰু সেৱাকৰ পহিলা জুলাইৰ পৰা কাৰ্যকৰ হোৱাৰ পিছতে বৃদ্ধি পাইছে ৰাজসাহায্যপ্ৰাপ্ত ৰন্ধন গেছৰ দাম।

বিগত ছটা বছৰৰ পিছত সৰ্বাধিক বৃদ্ধিৰ অভিলেখ দাখিল কৰি এইবাৰ দাম বাঢ়িছে চিলিণ্ডাৰে প্ৰতি ৩২ টকাকৈ।

দিল্লীত ৰাজ সাহায্যপ্ৰাপ্ত চিলিণ্ডাৰৰ দাম ৪৪৬ টকাৰ পৰা বাঢ়ি ৪৭৭ টকা হৈছে। উল্লেখ্য যে ইয়াৰ আগতে চিলিণ্ডাৰৰ মুল্য সৰ্বাধিক ৫০ টকা বৃদ্ধি হৈছিল।

জিএছটিৰ কৰ বিভাজনৰ ৫ শতাংশৰ শ্লেবত ৰখা স্বত্বেও ঘৰুৱা চিলিণ্ডাৰৰ দাম ৩২ টকাকৈ বঢ়াত অসন্তুষ্ট হৈছে গ্ৰাহক।