ডিজিটেল ডেক্সঃ ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ লোকসভাৰ উপ-নিৰ্বাচনত ধৰাশায়ী হোৱা বিজেপিক ৰুধিবলৈ বিৰোধীয়ে নতুন উদ্যম লাভ কৰা বুলি চৰ্চা আৰম্ভ আৰম্ভ হৈছে। ২০১৯ত গেৰুৱা দলটোক চৰকাৰ গঠনত ব্যৰ্থ কৰাৰ লক্ষ্যৰে ইতিমধ্যে আৰম্ভ হৈছে কুচ-কাৱাজ।
এই উদেশ্যে এনচিপিৰ নেতা শাৰদ পাৱাৰে সোমবাৰে নিশা এক ভোজমেলৰ আযোজন কৰে। ভোজমেলত আন আন সকলৰ লগতে উপস্থিত থাকে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। চাৰিদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হোৱা মমতাই মঙলবাৰে কংগ্ৰছ নেত্ৰী ছোনিয়া গান্ধীকো সাক্ষাৎ কৰিব।
অৱশ্যে এই সাক্ষাৎ একান্ত ব্যক্তিগত বুলি মমতা বেনাৰ্জীৰ ঘনিষ্ঠ মহলে কব বিচাৰে। কিন্তু ৰাজনৈতিক পৰ্যবেক্ষকৰ দৃষ্টিত ই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। যোৱা মাহত ছোনিয়া গান্ধীয়ে আয়োজন কৰা নৈশ ভোজৰ পাছত শ্বাৰদ পাৱাৰৰ বাসগৃহত আয়োজিত এইখন দ্বিতীয় ভোজমেল।
১৯টা দলৰ নেতৃত্ব উপস্থিত থকা ছোনিয়াৰ ভোজমেলৰ পাছত কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে এই ৰাজনৈতিক মিলনক ’যথেষ্ট ৰাজনৈতিক শক্তিসম্পন্ন’ বুলি অভিহিত কৰিছিল। সেই ভোজমেলৰ পাছতে ৰাহুলে বিৰোধী দলসমূহৰ মধ্যস্থতাকাৰী শাৰদ পাৱাৰক সাক্ষাৎ কৰিছিল।
শাৰদ পাৱাৰ অৰু মমতা বেনাৰ্জীয়ে বিৰোধী দলসমূহক একত্ৰিত কৰাৰ বাবা মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰি আছে। ছোনিয়া গান্ধীৰ ভোজমেলত উপস্থিত থাকিব নোৱাৰা মমতাই এইবাৰ একেই উদেশ্যৰে সোমবাৰে আযোজিত ভোজমেলখনত উপস্থিত থকাত ২০১৯ৰ লোকসভা নিৰ্বাচনৰ বাবে বিৰোধীৰ এক বৃহৎ জোঁট বন্ধনৰ দিশে এখোজ আগুৱাই গ’ল বুলি বিবেচিত হৈছে।
যোৱা ছমাহত মমতা আৰু শ্বাৰদ পাৱাৰ কেইবাবাৰো মিলিত হৈছে। মমতাই শিৱ সেনাৰ মুৰব্বী উদ্ধৱ থাকৰে, দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱাল আৰু তামিলনাডুৰ বিৰোধী দলপতি এমকে ষ্টেলিনক সাক্ষাৎ কৰিছে।
চলিত মাহৰ আৰম্ভণিতে মমতাই তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱক সাক্ষাৎ কৰিছিল। ৰাৱে বিজেপি আৰু কংগ্ৰেছ বিহীন ফেডাৰেল ফ্ৰন্ট গঠনৰ পোষকতা কৰিছে যদিও এই ক্ষেত্ৰত মমতা বেনাৰ্জীয়া সম্পূৰ্ণ সহমত পোষণ কৰা নাই।