ডিজিটেল ডেস্কঃ দেশৰ বে-আইনী গো-হত্যা বন্ধ কৰিবলৈ তৎপৰ মোদী চৰকাৰ। বজাৰত গৰু বিক্ৰীতো নিষেধাজ্ঞা আৰোপ কৰিছে চৰকাৰে। গো-মাংসৰ গুজৱত দেশৰ ভিন্ন প্ৰান্তত হত্যা কৰা হৈছে নীৰিহ লোকক।

ইয়াৰ মাজতে এইবাৰ উত্তৰাখণ্ডত গৰুৰ সৈতে যৌনতাত লিপ্ত হোৱাৰ অভিযোগত এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঘটনাটোক লৈ উত্তপ্ত হৈ পৰিছে সমগ্ৰ ৰাজ্যখনৰ একাধিক অঞ্চল। বিজেপিৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ লগতে বজৰং দলে এই ঘটনাৰ গইনা লৈ দোকান-পোহাৰ আদি বন্ধ কৰি দিয়ে। মুহূৰ্ততে অঘোষিত বন্ধত স্তব্ধ হৈ পৰে সমগ্ৰ ৰাজ্যখনৰ পাউৰি জিলাৰ একাধিক অঞ্চল।

কন্যাসম সম্পৰ্কীয়ক ধৰ্ষণ, পিতৃৰ নিৰ্যাতনৰ বলি কন্যা, শিশু ধৰ্ষণ আদিৰ দৰে বিকৃত যৌনতাৰ একাধিক ঘটনা প্ৰতিদিনেই সংবাদ মাধ্যমৰ শিৰোনাম হৈ আহিছে। এইবাৰ এই তালিকাত যোগ হ’ল গৰুৰ নামো।

উত্তৰাখণ্ডৰ পাউৰি জিলাৰ সাতপুলি চহৰত গৰুৰ সৈতে অপকৰ্মত লিপ্ত হোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ২৩ বৰ্ষীয় এজন যুৱকক। পাউৰি জিলাৰ আৰক্ষী অধীক্ষক জগত ৰাম যোশীয়ে 'পি টি আই’ক জনোৱা মতে, অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৭ ধাৰাত এটি গোচৰ ৰুজু কৰা হৈছে। লগতে যুৱকজনৰ বীৰ্যৰ নমুনাও পৰীক্ষাৰ বাবে ফৰেনছিক গৱেষণাগৰালৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

ইফালে গৰুৰ সৈতে এনে কু-কাৰ্য সংঘটিত কৰা বুলি জানিব পৰা পিছতে প্ৰতিবাদত নামে এবিভিপি আৰু বজৰং দলৰ পাউৰি জিলা সমতি। পি টি আইত প্ৰকাশিত খবৰ অনুযায়ী, সাতপুলি চহৰত অভিযুক্ত যুৱকজনৰ এখন আচবাবৰ দোকান আছে। উক্ত দোকানখন লণ্ড-ভণ্ড কৰে ক্ষুব্ধ এবিভিপ আৰু বজৰং সদস্যসকলে। পিছতে প্ৰতিবাদী এবিভিপি আৰু বজৰঙৰ সদস্যসকলে অভিযুক্তক উপযুক্ত শাস্তি প্ৰদানৰ দাবীত থানা ঘেৰাও কৰে।

ঘটনাটোক লৈ সমগ্ৰ সাতপুলি চহৰখনতে উত্তেজনা বিয়পি পৰে। ফলত আতংকিত হৈ পৰে স্থানীয় বাসিন্দাসকল। স্বতস্ফূৰ্তভাৱে বন্ধ হৈ পৰে চহৰখনৰ দোকান-পোহাৰ আৰু যান-বাহনৰ চলাচল। বৰ্তমানো চহৰখনত অব্যাহত আছে চেপা উত্তেজনা। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যথেষ্ট সংখ্যাক নিৰাপত্তাৰক্ষী মোতায়েন কৰিছে জিলা প্ৰশাসনে।

উল্লেখ্য যে গৰুৰ সৈতে অপকৰ্ম সংঘটিত কৰা ঘটনা এয়ে প্ৰথম নহয়। ইয়াৰ পূৰ্বেও মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ কুপাৰগাঁৱত একেই অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।