newsnextone.com | ডিজিটেল ডেস্কঃ মন্দোচৌৰত গণ ধৰ্ষণৰ বলি হোৱা এগৰাকী কিশোৰীৰ ফটো ছ’চিয়েল মিডিয়াত প্ৰচাৰৰ বাবে তোলাৰ অভিযোগত আৰক্ষীয়ে এগৰাকী নাৰ্ছক আটক কৰিছে৷ নিৰ্যাতিতা কিশোৰীৰ ফটো প্ৰচাৰ কৰাৰ অপৰধাত নাৰ্ছগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে জেজে এক্ট, পস্কো আইন আৰু ভাৰতীয় দণ্ডবিধিৰ ২২৮ (ক) অধীনত গোচৰ ৰুজু কৰিছে৷

পস্কো আইনৰ ২৩ নং ধাৰা অনুযায়ী নিৰ্যাতিতা কিশোৰীৰ ফটো অথৱা পৰিচয় প্ৰকাশ কৰাটো অপৰাধ হিচাপে গণ্য কৰা হয়৷ এই ধাৰা উলংঘনকাৰীয়ে ৬ মাহৰ পৰা এবছৰ পৰ্যন্ত কাৰাৱাস অথৱা জৰিমণা ভোগ কৰিব লাগে৷

জানিব পৰা মতে, গণ ধৰ্ষণৰ বলি হোৱা এগৰাকী কিশোৰীৰ ইন্দোৰৰ মহাৰাজা যশবন্তৰাও হস্পিতালত চিকিৎসা কৰি থকা হৈছিল৷ সেই সময়তে কৰ্তব্যৰত ৰমা কুশবাহা নামৰ নাৰ্ছ এগৰাকীয়ে কিশোৰীগৰাকী শুই থকা সময়ত ফটো তোলে৷ কিন্তু মন্দৌচৰৰ আৰক্ষী অধীক্ষক লক্ষ্মী চেতিয়াই নাৰ্ছগৰাকীৰ কুকৰ্মৰ বিষয়ে জানিব পাৰি লগে লগে নাৰ্ছ গৰাকীক আটক কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে, ভাৰতীয় দণ্ডবিধিৰ ২২৮ (ক) ধাৰা অনুসৰি কোনো সংবাদ মাধ্যমে নিৰ্যাতিতাৰ নাম, পৰিচয় অথৱা ফটো প্ৰকাশ কৰিব নোৱাৰে৷ সংবাদ মাধ্যমৰ এনে কাৰ্যই নিৰ্যাতিতা আৰু পৰিয়ালৰ ওপৰত বিৰুপ প্ৰভাৱ পেলোৱাৰ আশংকা কৰা হয়৷

উল্লেখ্য যে, মধ্য প্ৰদেশৰ মন্দোচৌৰত বিদ্যালয়ৰ পৰা ঘৰলৈ উভটাৰ সময়ত এগৰাকী ৭ বছৰীয়া কিশোৰীক দুজন যুৱকে প্ৰলোভন দেখুৱাই নিৰ্জন ঠাইলৈ লৈ যায় আৰু গণ ধৰ্ষণ কৰে৷ পিছত পাষণ্ড যুৱক দুজনে কিশোৰীগৰাকীক ডিঙি কাটি হত্যাৰ চেষ্টাও চলায়৷ কিন্তু স্থানীয় ৰাইজে মূমুৰ্ষ অৱস্থাত কিশোৰীগৰাকীক উদ্ধাৰ কৰি পিছত উন্নত চিকিৎসাৰ বাবে ইন্দোৰৰ মহাৰাজা যশবন্তৰাও চিকিৎসালয়ত ভৰ্তি কৰে৷ বৰ্তমান কিশোৰীগৰাকী শাৰিৰীকভাৱে সুস্থ হৈ অহা বুলি জানিব পৰা গৈছে৷

ইফালে ঘটনাৰ সৈতে জড়িত দুই অভিযুক্ত ইৰফান আৰু আছিফ নামৰ যুৱক দুজনক আৰক্ষীয়ে আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে৷