সমগ্ৰ বিশ্ব এতিয়া ভাইৰাছৰ গ্ৰাসত। শত্ৰু দেশক আক্ৰমণ কৰিবলৈ এতিয়া কোনো দেশ ব্যস্ত হৈ পৰা নাই পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰক লৈ। আমেৰিকাৰ সেনাই এইখন দেশলৈ নিজৰ সেনা বাহিনী প্ৰেৰণ কৰিছে বুলিও বাতৰি পোৱা হোৱা নাই। প্ৰকাশ পোৱা নাই পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণৰ খবৰ। শান্ত হৈ আছে দেশসমূহৰ সীমান্ত, নাই সৈন্যবাহিনীৰ কুচকাৱাজ। ভাইৰাছৰ সমুখত অৰ্থহীন হৈ পৰিছে শক্তিশালী মাৰণাস্ত্ৰসমূহ।
সীমান্তত সেনা সঞ্চালনৰ পৰিৱৰ্তে দেশে দেশে বৃদ্ধি পাইছে চিকিৎসক আৰু নাৰ্ছসকলৰ ব্যস্ততা। এটা এটা বেজী, চেলাইন সম্প্ৰতি কেবালাখ ট্ৰেংক, মেচিনগানতকৈ কোটি কোটি গুণে শক্তিশালী হৈ পৰিছে। এনেদৰেই এতিয়া সমগ্ৰ পৃথিৱী ব্যস্ত হৈ পৰিছে ভাইৰাছ বিৰোধী যুঁজত। ভাইৰাছৰ বিৰুদ্ধে মানৱ জাতিৰ এয়াই প্ৰথম যুদ্ধ নহয়। ইয়াৰ পূৰ্বেও ভাইৰাছৰ বিৰুদ্ধে দীঘলীয়া সংগ্ৰাম কৰি জয় লাভ কৰিছে মানৱ জাতিয়ে। আজিৰ দেওবৰীয়া শিতানত আগবঢ়োৱা হৈছে ভাইৰাছৰ বিৰুদ্ধে মানুহৰ প্ৰথম জয়ৰ লোমহৰ্ষক কাহিনী সম্পৰ্কে লেখক আব্দুৰ ৰছিদ চৌধুৰীৰ এটি বিশেষ লেখা।