• আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত মাৰ্ঘেৰিটাত পুৱা ৮ বজাৰেৰে পৰা আৰম্ভ হৈছে ভোটগননা 
  • শক্তিশালী  স্থিতিত বিজেপি 

লিডুঃ  অৱশেষত বহু-জল্পনা কল্পনাৰ অন্তত ৰাজ্যৰ ৩৩ খন জিলাত আজি ঘোষনা কৰা হল পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ৷ ৰাজ্যখনৰ অন্য প্ৰান্তৰৰ সমান্তৰাল কৈ মাৰ্ঘেৰিটা মহকুমাৰ  ২২  খন গাওঁ পঞ্চায়তৰ ভিতৰত আজিৰ দিনটোত বহু কেইখন পঞ্চায়তৰ  ফলাফল ঘোষনা কৰাৰ পাছতেই যেন এক গভীৰ উৎকন্ঠাৰ অন্ত পৰিল  ৷ ইতিমধ্যে  শাসনাধিষ্ঠ বিজেপি দলে মহকুমাটোৰ ২২ খন গাওঁ পঞ্চায়তৰ  ভিতৰত বিভিন্ন স্তৰত সৰ্বাধিক আসন দখলেৰে শক্তিশালী স্থিতি গ্ৰহন কৰি থকাৰ বিপৰীতে বাতৰি প্ৰেৰনৰ সময়লৈকে কংগ্ৰেছৰ স্থিতি পূৰ্বৰ তুলনাত দুৰ্বল ৰূপে বিবেচিত হৈছে ৷ 

এই বাতৰি প্ৰেৰনৰ সময়লৈকে মহকুমাটোৰ বিভিন্ন পঞ্চায়তৰ ফলাফল অনুহৰি লিডু শামুকজানৰ ৭ টা ৱাৰ্ডত বিজেপি, ৩ টাত কংগ্ৰেছ হোৱাৰ লগতে পঞ্চায়ত সভানেত্ৰীৰ পদত অনিলা ফুকন (বিজেপি) আৰু আঞ্চলিক পঞ্চায়ত সুকদেৱ শৰ্মাই বিজেপি দলৰ হৈ বিজয় সাব্যস্থ কৰে ৷  দুৱাৰমৰাত ৬ টা ৱাৰ্ডত কংগ্ৰেছ হোৱাৰ বিপৰীতে ৪ টাত বিজেপিয়ে বিজয় সাব্যস্থ কৰে , ইফালে মাকুম পথাৰত দহটা ৱাৰ্ডতে বিজেপিয়ে বিজয় সাব্যস্ত কৰি নিজৰ দখললৈ আনিবলৈ সক্ষম হয় ৷ আনহাতেদি বৰগোলাই গাওঁ পঞ্চায়তত কংগ্ৰেছে ৩ খন আসন ,বিজেপিয়ে  ৭ খন আসনেৰে বিজয় সাব্যস্থ কৰে ৷ 

আঞ্চলিক সদস্যৰ পদত মুনমি গগৈ ( বিজেপি ) আৰু পঞ্চায়ত সভানেত্ৰী পদত মিৰা চুব্বা ( বি জে পি ) ই জয়লাভ কৰে ৷ লেখাপানীৰ গাওঁ পঞ্চায়তত কংগ্ৰেছে ৪ খন বিজেপিয়ে ৬ খন আসন দখল কৰাৰ লগতে পঞ্চায়ত সভাপতিৰ ৰুপে জয়লাভ কৰে উধৱ শৰ্মা ( বি জে পি )আঞ্চলিক সদস্য পদত বিজেপিৰ নৱ দত্তই শেহ হাহি মাৰিবলৈ সক্ষম হয় ৷ 

জাগুন পঞ্চায়তত বিজেপিয়ে ৯ খন আসন দখল কৰাৰ পৰিৱৰ্তে কংগ্ৰেছে কেৱল ১ খন আসনতহে জয়লাভ কৰে ৷ ইফালে  মহকুমাৰ অন্তৰ্গত দুৱাৰমৰা গাওঁ পঞ্চায়ত বিজেপিয়ে কেৱল ৪ খন আসন সীমাবদ্ধ থকাৰ সমান্তৰালকৈ কংগ্ৰেছে ৬ খন আসনত জয়লাভ কৰি শেষ হাহি মাৰিবলৈ সক্ষম হয় ৷ গুৰুত্বপূৰ্ন যে মাৰ্ঘেৰিটা মহকুমাৰ মাকুম পথাৰ গাওঁ পন্ঞ্চায়ত বিজেপিয়ে এইবাৰ শক্তিশালী স্থিতি লাভ কৰিছে ৷ বিজেপিৰ হৈ সভানেত্ৰী মাম্পী সিং দত্ত,  আঞ্চলিক পঞ্চায়তৰ সদস্যা ভানু মুণ্ডাৰ  লগতে  বিজেপিয়ে দহটা ৱাৰ্ডতে বিজয় সাব্যস্থ কৰি নিজৰ স্থিতি সবল কৰি ৰাখে ৷ 

পুৰনি পুখুৰী পঞ্চায়তত বিজেপিয়ে ৯ খন আসন দখলেৰে শক্তিশালী স্থিতি লাভ কৰিছে ৷ ব্ৰহ্মাজান গাওঁ পঞ্চায়তত কংগ্ৰেছে ৪ খন আখন দখল কৰাৰ লগতে বিজেপিয়ে লাভ কৰে ৬ খনকৈ আসন ৷ একেদৰে  ডিগবৈ গোলাই পঞ্চায়তত কংগ্ৰেছে কেৱল দুখন পঞ্চায়ততে সীমাবদ্ধ থকাৰ বিপৰীতে বিজেপিয়ে লাভ কৰে ৮ খনকৈ আসন ৷ বিজেপিৰ সভানেত্ৰী হৈ জয়লাভ কৰে জোনমনি কছাৰীয়ে ৷  ভিতৰ পাৱৈ পঞ্চায়তত বিজেপিয়ে ৩ খন আসন দখল কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰে ৪ খনকৈ আসন বাকী ২  খন কৈ আসন নিৰ্দলীয় পাৰ্থীয়ে লাভ কৰিবলৈ সক্ষম হয় ৷ 

মুঠতে আজিৰ এই ফলাফলৰ পৰা মহকুমাটোত বিজেপিৰ স্থিতি বৰ্তমানৰ লৈকে শক্তিশালী বুলিব পাৰি ৷