মৰিয়নীঃ ৰাজ্যত নিৰ্বাচন গৰম বতাহ বলাৰ সময়ত আকৌ ক্ৰমাৎ অগ্নিগৰ্ভা হ’বলৈ গৈছে অসম-নাগালেণ্ডৰ সমস্যা৷
চলিত মাহত প্ৰথম ভাগত অসম নগালেণ্ড সীমান্তৱৰ্তী E ছেক্টৰৰ ভূমিত মৰিয়নীৰ থানাৰ অন্তৰ্গত মৰিয়নী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তগৰ্ত নিউসোণোৱাল খণ্ড বন বিষয়া কাৰ্যালয়ৰ সন্মুখত ভাগতে প্ৰায় এক কি:মি: নিলগত দিনৰ ভাগতে কেইটামান নগা দুবৃত্তই দিচৈভেলি সংৰক্ষিত অভয়াৰণ্য মূলাৱান গছ কাটি অগ্নি সংযোগ কৰিছিল৷
সেই ঘটনাৰ ১৫ টা দিন অতিক্ৰম নহওতেই পুনৰ একে ঠাইতে অসমৰ মাটিত নগা দুবৃত্তই আগ্ৰাসন আৰম্ভ কৰিছে। মৰিয়নী নিউসোণোৱাল সেউজ গাঁও, পাঞ্চোৱা গাঁওকে আদি কৰি প্ৰায় ৬ খন অসমৰ গাঁৱত নগালেণ্ড সীমান্তৱৰ্তী হোৱাত ৰাইজে এতিয়া বিনিদ্ৰ ৰজনীত দিন কটাবলগীয়া হৈছে৷
চলিত মাহৰ ১১ তাৰিখৰপৰা নগা দুৰ্বৃত্তই সংৰক্ষিত অভয়াৰণ্য গছ কাটিবলৈ আৰম্ভ কৰা দেখিছিল, সেই সময়ত অসমৰপৰা হাবিলৈ খৰি লোৰিবলৈ যোৱা কেইজনমান লোকে এই কথা জানিব পাৰি নিউসোণোৱাল খণ্ড বন বিষয়া কাৰ্যালয়ক অৱগত কৰে। কিন্তু সেই সময়ত নিউসোণোৱাল খণ্ড বন বিষয়া কাৰ্যালয় দায়িত্বত থকা বন বিষয়া নৱজিৎ শইকীয়া ছুটীত আছিল আৰু লজ্জাজনকভাৱে নিউসোণোৱাল খণ্ড বন বিষয়া কাৰ্যালয়টোত দিনৰ ভাগত মাত্ৰ দুজন আৰু নিশাৰ ভাগত এজন লোকে নিজৰ কৰ্তব্য পালন কৰি থকা প্ৰত্যক্ষ কৰে৷
এই দৰে চলি থকা বন বিভাগৰ নাকৰ তলতে নগা দুবৃত্তই অসমৰ সংৰক্ষিত অভয়াৰণ্যৰ ভূমিত বেআইনীভাৱে প্ৰৱেশ কৰি মূল্যৱান গছ কাটি কাঠসমূহ চোৰাংভাৱে লৈ যায়। পাহাৰত অগ্নি সংযোগ কৰাৰ পাছতো এটা তহল দিবলৈ সময় নহ’ল বন বিভাগৰ৷
উপায়ন্তৰ হৈ সীমান্তৰ কাষৰীয়া গাঁৱৰ লোকে মৰিয়নী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক এই বিষয়ে অৱগত কৰে৷ কিন্তু সেই সময়ত মৰিয়নী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী বদলি হয় যদিও নতুনকৈ কাৰ্যভাৰ লোৱা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তিলক বৰাই অসমৰ মাটিত নাগালেণ্ডৰ দুৰ্বৃত্তই আগ্ৰাসন কৰা কথা জনাৰ লগে লগে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰে।
ফলস্বৰূপে নগা দুবৃত্তই অসমৰ ভূমিত আগ্ৰাসন আৰম্ভ কৰাত বাধা আৰোপ কৰিবলৈ সফল হয় যদিও সেয়া খন্তেকিয়া আছিল৷ কাষৰীয়া ৰাজ্য নাগালেণ্ডৰপৰা মঙলবাৰে দিনৰ ভাগত পুণৰ অসমৰ সংৰক্ষিত দিচৈভেলি অভয়াৰণ্যৰ মুল্যৱান গছ কাটি নগাই অগ্নিসংযোগ কৰিছে সন্ধিয়া পৰত।
পাহাৰত লগা জুই ক’লা ধোঁৱাই দূৰৰপৰাই দেখা পোৱা গৈছে। আগৰ বাৰতকৈ এইবাৰ বনজুই ডাঙৰ।