ডিজিটেল ডেস্কঃ ফেচবুক ব্যৱহাৰকাৰীৰ ডাতা ফাদিল হোৱা ঘটনা সন্দৰ্ভত ফেচবুকৰ মুখ্য কাৰ্যবাহী তথা প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গে আমেৰিকাৰ সাংসদক সাক্ষাৎ কৰি ক্ষমা বিচাৰে। আনহাতে জুকাৰবাৰ্গে যুক্তৰাষ্ট্ৰীয় সংসদ কংগ্ৰেছ সমিতিৰ সন্মুখত মঙলবাৰে উপস্থিত হয়৷ 

তাৰ পূৰ্বে ক্ষমা বিচাৰে জুকাৰবাৰ্গে। তেওঁ কয় ‘‘আমি আমাৰ দায়িত্ব ভালদৰে পালন কৰিব পৰা নাই৷ এইটো আমাৰ ডাঙৰ ভুল৷ এয়া মোৰ ভুল আছিল আৰু তাৰ বাবে ক্ষমা বিচাৰিছো৷ মই ফেচবুক আৰম্ভ কৰিছিলো আৰু ইয়াক মই চলাইছো৷ ইয়াৰ পৰা কিবা হলে তাৰ বাবে মই দোষী হম৷’’

আকৈ মাৰ্কে ১০ এপ্ৰিলত আমেৰিকাৰ চিনেটৰ জুডিচিয়াৰি সমিতি আৰু ইউএছ কংগ্ৰেছেনেল হাউচ এণ্ড কমাৰ্চ সমিতিৰ সন্মুখত হাজিৰ হ’ব লাগিব৷ উপস্থিতিৰ সময়ত ফেচবুকৰ প্ৰতিষ্ঠাপকগৰাকীয়ে কব লাগিব কেনেদৰে ৮.৭ কোটি ব্যৱহাৰকাৰীৰ ডাতা কেমব্ৰিজ এনলাইটিকাক দিয়া হৈছিল নতুবা লাভ কৰিছিল সেই কথাৰ উত্তৰ দিয়াৰ লগতে আমেৰিকাৰ নিৰ্বাচনত ফেচবুকৰ জৰিয়তে ৰুছৰ দখল সন্দৰ্ভতো উত্তৰ দিব লাগিব৷ 

যদি মাৰ্ক জুকাৰবাৰ্গে সন্তোষজনক উত্তৰ দিব নোৱাৰে তাৰ পিছত আমেৰিকাৰ কংগ্ৰেছে ফেচবুকৰ পৰিচালনা কৰিবৰ বাবে নতুন আইন আনিব পাৰে৷ দাতা ফাদিল কাণ্ড কোম্পানীৰ নিজা পলিচি নে আন কোনো ৰাজনৈতিক কাৰণ নিহিত হৈ আছে সেই সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰা হৈছে৷