বালিপাৰাঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ বুধবৰীয়া সাপ্তাহিক বজাৰ। অন্তহীন সমস্যাৰ এক বজাৰ যদিও সদা ব্যস্ততাপূৰ্ণ। আন্তগাঁথনিত অলপো গুৰুত্ব নিদিয়া বজাৰখনৰ সুৰংগ সদৃশ প্ৰৱেশ পথৰ বাবেই গ্ৰাহকে অহাযোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে। বজাৰ সংযোগী অন্য দুটা পথ অাছে যদিও সেয়াও সুবিধাজনক নহয়। তিনিটাকৈ মন্দিৰ থকা বজাৰখনৰ ভিতৰত সৰহসংখ্যক চাহ-ভাতৰ দোকানত মুকলি মদৰ বেহা চলাৰ বাবেই সামাজিক পৰিৱেশ বিনষ্ট হৈছে যদিও কৰ্তৃপক্ষৰ কোনো গুৰুত্ব নাই।
আনহাতে চাৰিদুৱাৰৰ গড়মৰা দৈনিক বজাৰখনৰ কোনো নিৰ্দিষ্ট সীমা নথকাৰ বাবেই দোকান পোহাৰ সমূহ য’তে মন যায় তাতে বহাৰ ফলতেই এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰকাৰী মাটিত কাঠফুলাৰ দৰে গঢ়ি উঠা দোকান-পোহাৰৰ পৰা মহলদাৰে ঠিকেই খাজনা সংগ্ৰহ কৰে যদিও বজাৰখন সুশৃংখলিত কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে। ইয়াৰোপৰি লোকৰাৰ শনিবৰীয়া বজাৰ, খেলমাটিৰ দেওবৰীয়া বজাৰ, ভালুকপুঙৰ বৃহস্পতিবাৰৰ বজাৰ, ঘোৰামাৰী, ৰঙাপৰা, খনামুখ অাৰু চাহবাগিচাৰ বজাৰসমূহ বহু অাভ্যন্তৰীণ সমস্যাত জৰ্জৰিত যদিও সেয়া সমাধানৰ বাবে কোনো কাৰ্যব্যৱস্থা গ্ৰহণৰ লক্ষণ দেখা পোৱা হোৱা নাই। মাথো বজাৰসমূহৰ নিবিদা আহ্বান কৰি নিবিদাৰ ধনখিনি জমা লয় যদিও উন্নয়নৰ নামত শূন্যতাৰ বাহিৰে একোৱেই নাই বুলি চৰ্চিত হৈছে।
বজাৰৰ নিবিদা আহ্বানৰ প্ৰাকমুহূৰ্তত বিগত বছৰবোৰৰ দৰে যাতে টোঘলকী নীতি-নিয়মৰে বজাৰসমূহ চলাব নোৱাৰে তাৰ বাবে আগতীয়াকৈ সাৱধানবাণী শুনাইছে ৰঙাপৰা অাঞ্চলিক ছাত্ৰ সন্থা, অসম সেনা, বালিপৰা অাঞ্চলিক বড়ো ছাত্ৰ সন্হা, বালিপৰা অাঞ্চলিক কোচঁ-ৰাজবংশী ছাত্ৰ সন্থা, চিলাৰায় সেনা, বালিপৰা অাঞ্চলিক চাহ-জনজাতি ছাত্ৰ সন্থা, বালিপাৰা অাঞ্চলিক টিএমপিকে, চাৰিদুৱাৰ-বালিপৰা মৌজা যুৱক সংঘকে ধৰি অঞ্চলটোৰ গঞা ৰাইজ আৰু মহিলা সমিতিয়ে। নীতি-নিয়ম জলাঞ্জলি দি, পৰিৱেশ বিনষ্ট কৰি তথা অান্তগাঁথনি উন্নয়ন অবিহনে বজাৰসমূহ চলালে ৰাজহুৱা স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবাদ সাব্যস্ত কৰা হ’ব বুলি স্পষ্ট কৰি দিছে উল্লেখিত সংগঠনকেইটাৰ নেৰ্তৃবৰ্গই ।