মৰিগাঁওঃ মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত শিমলুগুৰি অঞ্চলত অসম আন্দোলনৰ ছহীদ শ্ৰীকান্ত মেধিৰ ছহীদ বেদী নিজ গৃহতে সম্পূৰ্ণ কৰি উলিয়াবলগা হ’ল তেওঁৰ পৰিয়ালবৰ্গই। অতি দুখীয়া পৰিয়ালৰ ছহীদ শ্ৰীকান্ত মেধিৰ পত্নী যুগেমাই মেধিয়ে অশেষ কষ্টৰে এই ছহীদ বেদী সাজি উলিয়ায়।
পতিৰ স্মৃতিক সুঁৱৰি আজি তেওঁ যথেষ্ট আৱেগিক হৈ পৰে। জিলা ছাত্ৰ সন্থাৰ সহ সাধাৰণ সম্পাদক দিপুল কুমাৰ নাথে নৱনিৰ্মিত ছহীদ বেদীৰ শুভ উন্মোচনী কৰি দিয়া ভাষণত পোন প্ৰথমে এটা সুন্দৰ ছহীদ বেদী নিৰ্মাণ কৰি উলিওৱা বাবে ছহীদ শ্ৰীকান্ত মেধিৰ পৰিয়ালৰ লগতে তেখেতৰ পত্নীক ধন্যবাদ জনায়।
৮৫৫ গৰাকী ছহীদৰ কেঁচা তেজৰ বিনিময়ত স্বাক্ষৰিত হোৱা অসম চুক্তি দফাই দফাই ৰূপায়ণ নোহোৱালৈ সদৌ অসম ছাত্ৰ সন্থা কেতিয়াও ক্ষান্ত নহয় বুলি তেখেতে মন্তব্য দিয়ে আৰু বৰ্তমানলৈকে বহু ছহীদৰ পৰিয়ালৰ লোকে উপযুক্ত সংস্থাপন নোপোৱাত তেওঁ দুখ প্ৰকাশ কৰাৰ লগতে এই ক্ষেত্রত ব্যৱস্থা গ্ৰহণ কৰিবলৈকেও চৰকাৰক দাবী জনায়।
এই ছহীদ বেদীৰ জৰিয়তে অঞ্চলবাসীৰ মাজত অসম আন্দোলনৰ ছহীদ শ্ৰীকান্ত মেধিৰ অৱদান সজীৱ হৈ থাকিব আৰু দুগুণে অসমবাসীৰ হৈ কৰ্ম কৰি যাবলৈ সাহস পাব।
শেষত ৰাইজে নাম প্ৰসংগৰ জৰিয়তে ছহীদ জনাৰ স্মৃতিক সুঁৱৰি তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰে। আজি ছহীদ বেদীৰ এই শুভ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে মিকিৰভেটা আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক ভাস্কৰ মেধিকে ধৰি আঞ্চলিক ছাত্ৰ সন্থাৰ নেতা কৰ্মী তথা স্থানীয় ৰাইজ।