চাবুৱাঃ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি ২১ জুনত আদিত্য খাখলাৰী নেতৃত্বাধীন জনজাতীয় সমন্বয়ৰক্ষী সমিতিয়ে আহ্বান জনোৱা অসম বন্ধৰ বিৰোধিতা কৰিছে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে৷ সংগঠনটোৰ কেন্দ্ৰীয় উপ-সভাপতি ডেভিদ চেতিয়া আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰঞ্জিত গোঁহায়ে এক বিবৃতি যোগে জনজাতিকৰণ মটক জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্য আৰু জন্মগত অধিকাৰ বুলি কৈ কোনো খাখলাৰীয়ে বিৰোধিতা কৰাৰ অধিকাৰ নাই বুলি কয়।
মটক জনগোষ্ঠীক ভাৰতীয় সংবিধানৰ যষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত নকৰা প্ৰৰ্যন্ত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন ক্ষান্ত নহয় আৰু বিৰোধিতা কৰা সকলক জাতিদ্ৰোহী বুলি ভাবিবলৈ বাধ্য হ’ব বুলি স্পষ্ট কৰি দিয়ে সংগঠনটোৱে। আদিত্য খাখলাৰীক ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মূল হেঙাৰো আখ্যা দিয়ে সংগঠনটোৱে।
২০১৪ বৰ্ষৰ ২৬ জুলাইত গুৱাহাটীস্থিত হোটেল প্ৰগতি মেনৰ সভা কক্ষত তদানীন্তন যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী তথা বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি সিদ্ধাৰ্থ ভৰ্ট্টাচাৰ্য, বিজেপিৰ বৰ্তমানৰ সভাপতি ৰঞ্জিত দাসৰ উপৰিও ২৯ তাকৈ জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দৰ উপস্থিতিত অসমৰ মটক, মৰাণ, তাই আহোম, চুটীয়া, কোঁচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাত মুঠেই আপত্তি নাই বুলি আদিত্য খাখলাৰীয়ে প্ৰকাশ্যে ঘোষণা কৰাৰ কথাও সোঁৱৰাই দিয়ে মটক যুৱ-ছাত্ৰ সন্মিলনে।
ইয়াৰ উপৰিও শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত ২০১৬ বৰ্ষৰ ৩১ আগষ্টত ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ আহ্বান ক্ৰমে সদ্য অনুষ্ঠিত সভাত সদৌ অসম ট্ৰাইবেল সংঘৰ যুটীয়া সম্পাদক শুক্লেশ্বৰ মহিলাৰীয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণত সহমত প্ৰকাশ কৰিছিল। কিন্তু জনজাতিসমূহৰ স্বয়ম্ভূ নেতা আদিত্য খাখলাৰীয়ে জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি ২১ জুনত অসম বন্ধৰ কাৰ্যসূচী ঘোষণাৰে জনগোষ্ঠীৰ আবেগ-অনুভূতিক চূড়ান্তভাৱে কুঠাৰাঘাত কৰিছে বুলি মন্তব্য কৰে জনগোষ্ঠীয় সংগঠনটোৱে। অসম মটক যুৱ-ছাত্ৰ সন্মিলনে কোনোপধ্যে সহজভাৱে লব নোৱাৰে বুলি স্পষ্ট কৰি দি ২১ জুনৰ অসম বন্ধ পৰিহাৰ কৰিবলৈ দাবী জনায়।
শেহতীয়া সংযোজনঃ মুখ্যমন্ত্ৰীৰ সৈতে হোৱা আলোচনাৰ পিছতে ২৪ ঘণ্টীয়া বন্ধ প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ট্ৰাইবেল সংঘ তথা জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ নেৰ্তৃবৰ্গই। নিউজ নেক্সট ৱানৰ আগত এই তথ্য সদৰী কৰিছে এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে।