মঙলদৈ/পাথৰিঘাটঃ দৰং জিলাৰ কৃষকক সজাগ কৰাৰ উদ্দেশ্যে আজি ৰাজ্য চৰকাৰে দৰঙত এখন কৃষক সজাগতা সভা অনুষ্ঠিত কৰে৷ দৰং জিলাৰ কেইবাশতাধিক কৃষকৰ উপস্থিতিত কৃষকৰ সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়৷
অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদ আৰু দৰং জিলা নিয়ন্ত্রিত বজাৰ সমিতিৰ উদ্যোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত কৃষক সজাগতা সভাখন অনুষ্ঠিত হয়।
উক্ত সভাত উপস্থিত থাকে অসম চৰকাৰৰ কৃষি বিভাগৰ উপাধ্যক্ষ মনোজ বৰুৱা, মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, দৰং জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ লগতে কেইবাগৰাকী কৃষি বিষয়া উপস্থিত থাকে।
সভাত শস্য চপোৱাৰ পাছত ল’বলগীয়া যতন, চপোৱাৰ পাছত অপচয় ৰোধ, জৈৱিক সাৰৰ উৎপাদন আৰু ব্যৱহাৰ আৰু কৃষি বিপণনৰ সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায় কৃষকসকলক। সভাত কৃষি বিভাগৰ পৰা দুৰ্নীতি নিৰ্মূলৰ ক্ষেত্ৰত কাম কৰি যাব বুলি আগবঢ়াই কৃষি উপাধ্যক্ষ মনোজ বৰুৱাই।