ডিজিটেল ডেস্কঃ উত্তৰ-পূবৰ তিনিখন ৰাজ্য ক্ৰমে নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাত অনুষ্ঠিত হৈ যোৱা বিধান সভা নিৰ্বাচনৰ ভোটগণনা শণিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে৷ শেহতীয়া খবৰ অনুসৰি নাগালেণ্ডত কংগ্ৰেছ দলে ২৯খন, মেঘালয়ত বিজেপিয়ে ২৩খন আৰু ত্ৰিপুৰাত বিজেপি দলে ৩৮খন আসনত আগবাঢ়ি আছে৷ এই বিধানসভা নিৰ্বাচনৰ ফলাফলত ত্ৰিপুৰাত মুঠ ২৯২গৰাকী, মেঘালয়ত ৩৭২গৰাকী আৰু নাগালেণ্ড ১৯৬গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব৷
ৰাজ্যকেইখনত ৬০খন আসনৰ বাবে হোৱা নিৰ্বাচনত ৫৯টা সমষ্টিতহে নিৰ্বাচন অনুষ্ঠিত হৈছিল। উল্লেখ্য যে, ২৭ ফেব্ৰুৱাৰীত মেঘালয়ত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত ১৫০০০ ভোটদাতাই প্ৰথমবাৰৰ বাবে ভোটদান সাব্যস্ত কৰিছিল৷ এই নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোটদান কৰা নতুন ভোটাৰ সকলক পুৰস্কৃত কৰাৰ লগতে নিৰ্বাচনত প্ৰথম বাৰৰ বাবে অংশগ্ৰহণ কৰা সকলক মেডেল পিন্ধোৱা হয়৷
মুখ্য নিৰ্বাচন আয়ুক্ত এফআৰ খাৰকোনগোৰে জানিবলৈ দিয়া মতে, ৬০খন আসনৰ বাবে অনুষ্ঠিত হোৱা বিধানসভাৰ নিৰ্বাচনৰ ৫৯টা সমষ্টিতহে ভোটদান কাৰ্যসূচী সম্পন্ন হৈছিল৷ ৩০২৫ টা ভোটদান কেন্দ্ৰত অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনত যি সকল ভোটাৰে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰি ভোট সাব্যস্ত কৰা পাঁচগৰাকী ভোটদাতাক মেডেল পিন্ধাই সন্মান জনোৱা হয় বুলি কয়৷