প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

newsnextone.com | ডিজিটেল ডেস্কঃ হোটেলৰ কোঠাত সোমাই দুই বিদেশী মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী হোটেলৰ পৰিচালকৰ বিৰুদ্ধে৷ 

ইতিমধ্যে আৰক্ষীয়ে হোটেলৰ পৰিচালকক গ্ৰেপ্তাৰ কৰিছে৷ এই ঘটনা সংঘটিত হৈছে জয়পুৰত৷ দুয়ো বিদেশী মহিলা আছিল মেক্সিকোৰ৷ মেক্সিকোৰ ভাৰতস্থিত দূতাবাসে দিয়া অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কাৰ হৈছে পৰিচালকক৷

জানিব পৰা মতে, মেক্সিকেৰ দুই মহিলা জয়পুৰৰ এখন হোটেলত আছিল৷ সেই সময়তে সেই হোটেলখনৰে পৰিচালকে যুৱতীদুগৰাকীয়ে থকা কোঠালৈ গৈ যৌন নিৰ্যাতন চলায়৷ ঘটনা সংঘটিত হোৱাৰ পিছতে আতংকিত হৈ পৰা দুই যুৱতীয়ে নিজ দেশৰ দূতাবাসৰ সৈতে যোগাযোগ কৰে৷ দূতাবাসে আৰক্ষীক খবৰ দিয়ে৷ হোটেল চিচিটিভি ফুটেজ পৰীক্ষা কৰি পৰিচালকক গ্ৰেপ্তাৰ কৰে  জয়পুৰ আৰক্ষীয়ে৷