ডিজিটেল ডেস্কঃ এইবাৰ নিউজ পৰ্টেল-ৱেব মিডিয়াৰ ওপৰত চকু দিছে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী স্মৃতী ইৰাণীয়ে৷ এক বিবৃতি যোগে নিউজ পৰ্টেল-ৱেব মিডিয়াক নিয়ন্ত্ৰণ কৰাৰ কথা উল্লেখ কৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে৷ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এটি বিবৃতি জাৰি কৰি নিউজ পৰ্টেল-ৱেব মিডিয়াৰ ওপৰত নজৰ দিয়াৰ কথা কৈ নিউজ পৰ্টেল-ৱেব মিডিয়াৰ ওপৰত নজৰ দিয়াৰ বাবে এটি বিশেষ সমিতি গঠন কৰে৷
৪ এপ্ৰিলত প্ৰকাশিত এই বিবৃতি যোগে অনলাইন যোগে খবৰ প্ৰকাশ কৰি থকা নিউজ পৰ্টেল-ৱেব মিডিয়াৰ ওপৰত এই সমিতিয়ে নিৰীক্ষণ কৰিব বুলি কয়৷ এই সমিতিত আছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব, মন্ত্ৰালয়ৰ বৈদ্যুতিন-আইটিৰ সচিব, বিভাগৰ আইনী পৰামৰ্শদাতা আৰু শিল্পনীতি বিভাগৰ সচিবসকল৷
ইমানে নহয় প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া, নিউজ ব্ৰডকাষ্ট এছ’ছিয়েচন আৰু ব্ৰডকাষ্ট ফেডাৰেচনৰ প্ৰতিনিধি থাকিব সমিতিটোত৷ বিবৃতিত যোগে কোৱা হয় যে বেচৰকাৰী টেলিভিছন চেনেলৰ খবৰৰ ওপৰত প্ৰগাম এণ্ড এডভাৰ্টাইজমেন্ট কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণ থাকে৷ প্ৰিন্ট মিডিয়াৰ ওপৰত প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ চকু থাকে৷
কিন্তু অনলাইন খবৰ প্ৰচাৰ কৰা নিউজ পৰ্টেল-ৱেব মিডিয়াৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই৷ যাৰ বাবে এই সমিতি গঠন কৰা হৈছে৷ এই সমিতিয়ে নিউজ পৰ্টেল-ৱেব মিডিয়াৰ নিয়ন্ত্ৰণ কৰাৰ বাবে পৰিকাঠামো সাজু কৰিব৷
ৱেব ছাইট, ডিজিটেল ব্ৰডকাষ্টিং, মনোৰঞ্জনৰ ছাইট সমূহক লৈ নতুন পৰিকাঠমো সাজু কৰিব চৰকাৰে৷ এই ক্ষেত্ৰত শ্ৰেষ্ঠ পন্থা অৱলম্বন কৰা হ’ব৷ প্ৰয়োজনত আন্তঃৰাষ্ট্ৰীয় স্তৰৰ নিয়ন্ত্ৰণ পৰিকাঠামো চেৱা হ’ব বুলি কয় বিবৃতিত৷ এই সমিতিয়ে নতুন নীতি নিৰ্ধাৰণ কৰিব বুলিও জনায় বিবৃতিত৷
উল্লেখ্য যে, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ভুৱা বাতৰি প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক নতুন নিৰ্দেশ জাৰি কৰিছিল ২ এপ্ৰিলত৷ নিৰ্দেশ মৰ্মে কোনো সাংবাদিকে যদি ভুৱা বাতৰি পৰিবেশন কৰে, সেই কথা চৰকাৰৰ অৱগত হ’লে প্ৰথমবাৰ ভুৱা বাতৰি প্ৰচাৰৰ ক্ষেত্ৰত ছয় মাহৰ বাবে (এক্ৰেডিচন) স্বীকৃতি বাতিল কৰি দিয়া হ’ব সেই সাংবাদিকজনৰ৷ যদি সাংবাদিকগৰাকীয়ে দ্বিতীয়বাৰৰ বাবে ভুৱা বাতৰি প্ৰচাৰ কৰে তেন্তে এক বছৰৰ বাবে আৰু তৃতীয়বাৰ ভুৱা বাতৰি প্ৰচাৰত যাৱজ্জীৱনৰ বাবে স্বীকৃতি খাৰিজ কৰা হ’ব৷
নিৰ্দেশ ৰাজহুৱা হোৱাৰ পাছত সমগ্ৰ দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জাৰি কৰা ভুৱা বাতৰি সম্বন্ধীয় গাইডলাইন কাৰ্যকৰী নকৰিবলৈ অৱশেষত নিৰ্দেশ প্ৰদান কৰিব লগা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৩ এপ্ৰিলত এই কথা ঘোষণা কৰি কয় যে কোনো এটা বাতৰি ভুৱা হয় নে নহয় সেই সিদ্ধান্ত ভাৰতীয় প্ৰেছ কাউন্সিলে ল’ব৷
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই বিষয়ে কোনো সিদ্ধান্ত লোৱাৰ প্ৰয়োজন নাই বুলিও প্ৰধানমন্ত্ৰী গৰাকীয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ক নিৰ্দেশ দিয়ে৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী স্মৃতি ইৰাণীয়ে ভুৱা বাতৰি সম্বন্ধীয় গাইডলাইন কাৰ্যকৰী কৰিব নোৱাৰি এইবাৰ নিউজ পৰ্টেল-ৱেব মিডিয়াৰ ওপৰত চকু দিছে বুলি চৰ্চা আৰম্ভ হৈছে৷