টিংখাংঃ ৰাজ্যখনত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ধৰ্ষণ, অপহৰণৰ দৰে ঘটনা৷ এনে ঘটনাৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত সাপকাইট গাঁৱৰ এগৰাকী ছাত্ৰী যোৱা ২৪ জুনৰ পৰা নিখোজ হৈ থকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

টিংখাং মহাবিদ্যালয়ৰ ছাত্ৰী নিতা দেৱী ঘৰৰ পৰা কলেজলৈ ওলাই আহি নিখোজ হৈ আছে৷ নিতা দেৱীৰ পিতৃয়ে টিংখাং আৰক্ষীক নিখোজ সন্দৰ্ভত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো ধৰণৰ সন্ধান উলিয়াব পৰা নাই৷

যাৰ ফলত আজি টিংখাং মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে নীতাক উদ্ধাৰৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ মৰাণ-টিংখাং-নাহৰকটীয়া পথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে ছাত্ৰ-ছাত্ৰীয়ে। ছাত্ৰ-ছাত্ৰীয়ে শীঘ্ৰে নীতাৰ সন্ধান উলিয়াবলৈ দাবী জনায়। অন্যথাই পৰিস্থিতি ভয়াবহ হ’ব বুলি সকীয়াই দিয়ে প্ৰশাসনক।