ডিব্রুগড়ঃ বিধায়ক প্ৰশান্ত ফুকনক মন্ত্ৰী হিচাপে বিচাৰে ডিব্ৰুগড়ৰ মহিলাসকলে। পিছে ৰাজনীতিৰ মহিমা বুজাতো তেনেই দুৰূহ। এই কথা ভালদৰেই জানে মহিলাসকলে।

সেয়ে দলৰ শীৰ্ষ নেতৃত্বক আবেদন-নিবেদন কৰাতকৈ মন্ত্ৰী সভা ৰদ-বদলত যাতে বিধায়কজনে মন্ত্ৰীত্ব লাভ কৰিবলৈ সক্ষম হয় তাৰ বাবে নেদেখাজনৰ শৰণাপন্ন হয় সমৰ্থক মহিলাসকল।

এই অনুযায়ী আজি ডিব্রুগড়ত বিজেপি মহিলা মর্চাই ১০৮ গছি বন্তি প্রজ্বলন কৰি প্ৰশান্ত ফুকনে যাতে মন্ত্ৰীত্ব লাভ কৰে তাৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনায়।

মূলতঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দৃষ্টি আকৰ্ষণৰ লক্ষ্যৰেই ডিব্রুগড় মণ্ডল বিজেপিৰ মহিলা মর্চাই ডিব্রুগড় চহৰৰ উৰণীয়া সেতুৰ তলত অৱস্থিত দুর্গা মন্দিৰত ১০৮ গছি বন্তি প্রজ্বলন কৰি প্রার্থনা জনায়।

পূজা-অৰ্চনাৰ অন্তত সমৰ্থক মহিলাসকলে ডিব্রুগড় বিধানসভা সমষ্টিৰ পৰা তিনিবাৰকৈ অসম বিধানসভালৈ নির্বাচিত হোৱা বিধায়ক ফুকনক সোণোৱাল মন্ত্রীসভাত অন্তর্ভূক্ত কৰিবলৈ দাবী জনায়। অন্যাথাই সমষ্টিটোৰ বিজেপি কৰ্মীসকল হতাশগ্ৰস্ত হৈ পৰিব বুলি উল্লেখ কৰে পূজা-অৰ্চনা কৰা মহিলা সমৰ্থসকলে। 

উল্লেখ্য যে, কিছুদিন পূৰ্বে দলৰ ডিব্রুগড় মণ্ডল সমিতিয়েও বিধায়কজনক মন্ত্ৰীত্ব প্ৰদানৰ দাবীত আমোলাপট্টি নাট্য মন্দিৰত এখন প্রতিবাদী সভা অনুষ্ঠিত কৰিছিল।