বাহাকাবাৰীঃ  ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে বিগত বিধানসভাৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ পৰা বিপুল ভোটত জয়ী হোৱাৰ পিছত আজি প্ৰথমবাৰৰ বাবে আলোচনাত মিলিত হয় বগলাজান পঞ্চায়তৰ কংগ্ৰেছ, অগপ আৰু বিজেপিৰ কৰ্মীসকলৰ সৈতে।

পাছত সাংবাদিকৰ আগত বিধায়ক দাসে কয় - বিগত ১৫ বছৰত যি কাম ৰহা সমষ্টিত নহ’ল সেই কাম মোৰ এবছৰীয়া কাৰ্যকালত হৈছে । ২০১৬ - ১৭ বৰ্ষত ৰহা সমষ্টিৰ উন্নয়নৰ বাবে গড়কাপ্টানী বিভাগৰ অধীনত বৰ্তমান লৈকে ৮০ কোটি টকাৰ কাম চলি আছে । কামপুৰ-বৈঠালাংচু পথ , ৰহা-বাৰপূজীয়া পথৰ পকীকৰণৰ কাম কৰি থকা হৈছে। ৰহা-বাৰপূজীয়া পথৰ দুখন পকী দলঙৰ কামো আৰম্ভ কৰা হৈছে।

তদুপৰি সমষ্টিৰ বিভিন্ন ঠাইত ১২০ কিল’মিটাৰ পথৰ উন্নয়নৰ কাম কৰি থকা হৈছে। মাগুৰগাঁও, নেলীপাৰ আৰু চাপৰমুখক সামৰি তিনি কোটি টকাৰ ব্যয় সাপেক্ষে বৃহৎ নদীৰ মথাউৰিৰ কাম সম্পূৰ্ণ কৰা হ’ল। বৰ্তমান আৰু চাৰি কোটি টকা গুইমাৰী, বাৰগোগা আৰু লংজাপ অঞ্চলৰ বান প্ৰতিৰোধ আঁচনিৰ কাম শীঘ্ৰে আৰম্ভ হ’ব বুলি বিধায়কজনে জানিবলৈ দিয়ে।  

সমষ্টিটিটোৰ বিভিন্ন অঞ্চলত ৰাইজৰ সুবিধাৰ বাবে সাত খন দলং আবন্টন কৰা হৈছে আৰু সেই কাম সোনকালেই কৰা হ’ব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে। লগতে কৃষক ৰাইজৰ সুবিধাৰ বাবে দহ কোটি টকাৰ ব্যয় সাপেক্ষে সমষ্টিৰ বিভিন্ন স্থানত বন্ধ হৈ থকা আৰু নতুনকৈ জলসিঞ্চন প্ৰকল্পৰ কাম আৰম্ভ কৰিব।

এবছৰীয়া কাৰ্যকালৰ খতিয়ান আগত দাঙি ধৰি তেওঁ ক্ষোভ প্ৰকাশ কৰি লগতে কয় যে একাংশই তেওঁৰ সমৰ্থন হ্ৰাস কৰিবলৈ কাৰণে বিভিন্ন কূট-কৌশল ৰচনা কৰি সমষ্টিবাসীক বিপথে পৰিচালিত কৰিবলৈ অপচেষ্টা চলাইছে। বিধায়ক দাসে এনে চক্ৰক কঠোৰ ভাষাৰে সমালোচনা কৰি সমষ্টিবাসীক ষড়যন্ত্ৰত পতিয়ন নাযাবলৈ ৰাইজক আহ্বান জনায় ।