ডিজিটেল ডেস্কঃ ৰাম মন্দিৰক হাতিয়াৰ হিচাপে লৈ ২০১৯ৰ বিধানসভা নিৰ্বাচনৰ আগেয়ে দেশত সাম্প্ৰদায়িক সংঘৰ্ষৰে দেশক দুভাগ কৰাৰ পৰিকল্পনা কৰিছে কেতবোৰ ৰাজনৈতিক দলে। এই বিস্ফোৰক মন্তব্য মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ অধ্যক্ষ ৰাজ থাকৰেৰ। মুম্বাইৰ শিৱাজী পাৰ্কত এক বৃহৎ ৰেলীক সম্বোধন কৰি দেওবাৰে এনেদৰে শাসনাধিস্থ মোডী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰাজ থাকৰে।
ধৰ্মীয় মেৰুবিভাজনেৰে শাসনভাৰ দখলৰ এই চেষ্টাক পৰাহত কৰাৰ হুংকাৰ দি থাকৰে কয়, ২০১৯ চনলৈ 'মোডী মুক্ত ভাৰত' গঢ়িবলৈ আমি সকলোৱে লক্ষ্য স্থিৰ কৰিছো। ভুৱা প্ৰতিশ্ৰুতিৰ মেলা পতা গেৰুৱা চৰকাৰখনক গাদীচ্যুত কৰিবলৈ সকলো বিৰোধী দলকে একগোট হোৱাৰ বাবেও আহ্বান জনায় থাকৰেয়ে।
দেশে হ’ব তৃতীয়বাৰলৈ স্বাধীন
কংগ্ৰেছ চৰকাৰকো কটাক্ষ কৰিবলৈ নেৰিলে থাকৰেয়ে। ১৯৪৭ ত দেশে ব্ৰিটিছ চৰকাৰৰৰ পৰা স্বাধীন হোৱাৰ পিছত পুনৰাই ১৯৭৭ চনত জৰুৰীকালীন অৱস্থাৰ পিছতে দেশে দ্বিতীয়বাৰ স্বাধীন হোৱা বুলি তাৎপৰ্যপুৰ্ণ মন্তব্য কৰে এমএনএছ অধ্যক্ষগৰাকীয়ে। এইবাৰ মোডীৰ পৰা মুক্তি পালে দেশে তৃতীয়বাৰৰ বাবে স্বাধীনতা লাভ কৰিব বুলি কয় থাকৰেয়ে। চৰকাৰৰ শেহতীয়া বিমুদ্ৰাকৰণৰ বিষয়টোও টানি আনি থাকৰেয়ে কয় যে বিমুদ্ৰাকৰণৰ সঠিক তদন্ত হ’লে দেশৰ সৰ্ববৃহৎ কেলেংকাৰী পোহৰলৈ আহিব।
'শ্ৰীদেৱীয়েনো কি কৰিছিল দেশৰ কাৰণে’
শ্ৰীদেৱীৰ মৃত্যুত ৰাজকীয় সন্মান দিয়াক লৈও ৰাজ থাকৰেয়ে প্ৰশ্ন উত্থাপন কৰে। শ্ৰীদেৱী এগৰাকী ভাল অভিনেত্ৰী আছিল যদিও তেওঁ দেশৰ বাবে একো নকৰা বুলি কয় থাকৰেয়ে। ৰাইজৰ মনৰপৰা নীৰৱ মোডী নতুবা পাঞ্জাৱ নেচনেল বেংক কেলেংকাৰীৰ কথা পাহৰাবলৈ চৰকাৰে এনে বিষয়বোৰত জোৰ দিয়া বুলি থাকৰেই অভিযোগ উত্থাপন কৰে।