ডিজিটেল ডেস্কঃ সংখ্যালঘু বিৰোধি তথা মুছলমান বিৰোধি বুলি প্ৰায়ে বিজেপিক উভতি ধৰে বিভিন্ন সময়ত বিভিন্নজনে৷ কেৱল ইমানে নহয় প্ৰতিশ্ৰুতি পূৰণত সম্পৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে৷ তাৰ লগে লগে যেন চৰকাৰে নিজকে সলনি কৰিবলৈ বাধ্য হৈছে৷ কিয়নো সন্মুখত ২০১৯ চনৰ লোকসভা নিৰ্বাচন৷ সংখ্যালঘুৰ উন্নয়ণৰ বাবে চিন্তা চৰ্চা আৰম্ভ কৰে মোডী চৰকাৰে৷
সংখ্যালঘুৰ সম্প্ৰদায়ৰ বিয়াৰ পূৰ্বে তথা অবিবাহিত স্নাতক যুৱতীকসকলক ৫১ হাজাৰ টকাকৈ দিব কেন্দ্ৰীয় চৰকাৰে৷ চৰকাৰে এই ঘোষণা কৰে শুকুৰবাৰে৷ মৌলানা আজাদ এডেকুছনৰ পৰামৰ্শ গ্ৰহণ কৰি কেন্দ্ৰৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে সংখ্যালঘুৰ উন্নয়ণক গুৰুত্ব প্ৰদান কৰা দেখা গৈছে৷ চৰকাৰে আঁচনিৰ নাম দিছে ‘চাদী চগুণ’৷
শিক্ষাৰ প্ৰসাৰৰ লক্ষ্যৰে এই আঁচনি লোৱা বুলি জানিব পৰা গৈছে৷ ২ লাখ টকাৰ বেছি বাৰ্ষিক আয়ৰ পৰিয়ালে এই সুবিধা নাপাব বুলিও আঁচনিত উল্লেখ আছে৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চৰকাৰৰ সময়ত কেৱল দ্বাদশ শ্ৰেনীলৈকে এই আঁচনিয়ে খাঙুৰি লৈছিল ছাত্ৰীক৷ চলিত বৰ্ষৰ জুলাই মাহত আজাদ এডুকেছন ফাউণ্ডেছনে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু মন্ত্ৰাণালয়ক এখন পত্ৰ প্ৰেৰণ কৰে৷ এই পত্ৰত সহাৰি জনাই মোডী চৰকাৰে৷ ইয়াৰ ফলত মুছলিম, শিখ, জৈন, পাৰ্চী সহিতে ৬ সম্প্ৰদায়ৰ যুৱতীয়ে লাভৱান হ’ব৷