উৎস ইন্টাৰনেট
উৎস ইন্টাৰনেট

newsnextone.com | ডিজিটেল ডেস্কঃ দেশত পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি, ৰন্ধন গেছৰ মূল্য বৃদ্ধি, দলিত সমস্যা আদিৰ দৰে এশ এবুৰি সমস্যাৰ মাজতে বিদেশী ৰাষ্ট্ৰৰ সৈতে সুহৃদয়তা স্থাপনত ব্যস্ত হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ 

দেশৰ ভিতৰৰ সাধাৰণ জনতাৰ সমস্যা সমূহ সমাধান কৰাৰ পৰিৱৰ্তে মোডীয়ে বিদেশী ৰাষ্ট্ৰসমূহৰ সৈতে সম্বন্ধ স্থাপন কৰাৰ নাম লৈ ‘ফৰেইন ট্ৰিপ’ত গৈ থকা কাণ্ডই সময়ে সময়ে সাধাৰণ জনতাক অসন্তুষ্ট কৰি তোলাও পৰিলক্ষিত হৈ আহিছে৷ 

দেশত বৃহস্পতিবাৰে প্ৰকাশ হোৱা উপ-নিৰ্বাচনৰ ফলাফলত ৪ খন লোকসভা আৰু ১০ খন বিধানসভা আসনৰ ১১ খনতে বিজেপিয়ে লজ্জাজনক পৰাজয় বৰণ কৰিবলগীয়া হৈছিল৷ 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিদেশ ভ্ৰমণ কৰি থাকোতে দেশৰ জনতাৰ আস্থাক গুৰুত্ব প্ৰদান কৰিবলৈ আহৰি নপোৱা বাবেও বিজেপিয়ে পৰাজয় কৰিবলগীয়া হৈছে বুলিও এতিয়া ৰাজনৈতিক মহলত গুজব চলিছে৷ উল্লেখ্য যে, ২০১৪-২০১৭ চনলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰা ২৭ টা বিদেশ ভ্ৰমণত প্ৰায় ২৭৫ কোটি টকা চৰকাৰী ধন ব্যয় হয়৷ 

আৰ্থ সামাজিক, ৰাজনৈতিক সম্পৰ্ক ৰক্ষাৰ স্বাৰ্থত তিনি দেশ পৰিভ্ৰমি চিংগাপুৰত উপস্থিত হোৱা মোডীয়ে শনিবাৰে দেশখনৰ মন্দিৰ আৰু মজজিদ দৰ্শন কৰে৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে চিংগাপুৰৰ আটাইতকৈ পুৰণা শ্ৰীমৰম্মন মন্দিৰত পূজা-অৰ্চনা কৰি মন্দিৰৰ পূজাৰীৰ পৰা দেশৰ সমৃদ্ধি আৰু শান্তিৰ বাবে আশীৰ্বাদ গ্ৰহণ কৰে৷

মন্দিৰ দৰ্শনৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত হয় চিংগাপুৰৰ ঐতিহাসিক চুলীয়া মজজিদত৷ এই যাত্ৰাত প্ৰধানমন্ত্ৰীগৰাকীক সংগ দিয়ে চিংগাপুৰৰ সাংস্কৃতিক মন্ত্ৰী গ্ৰেছ য়েনয়ে৷ উল্লেখ্য যে, চিংগাপুৰৰ চুলীয়া মজজিদটো ভাৰতৰ এগৰাকী চুলীয়া মুছলমানে নিৰ্মাণ কৰিছিল৷ মজজিদ দৰ্শনৰ পিছত মোডীয়ে চিংগাপুৰৰ প্ৰসিদ্ধ বৌদ্ধ অৱশেষ মন্দিৰত উপস্থিত হয়৷ ইয়াৰ পিছতে তেওঁ ৰাষ্ট্ৰখনৰ সংগ্ৰাহলয়লৈ ৰাওনা হয়৷

ইয়াৰ পূৰ্বে শনিবাৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চিংগাপুৰৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গোহ চোক টোংগৰ সৈতে গন্ধী দেশখনৰ গান্ধী স্মৃতি সৌধত সন্মান জনায়৷ ১৯৪৮ চনত চিংগাপুৰৰ ক্লিফোৰ্ড পিয়াৰৰ যি স্থানত গান্ধীৰ অস্থি বিসৰ্জন কৰা হৈছিল তাত উপস্থিত হৈ মোডীয়ে মহাত্মা গান্ধীৰ আদৰ্শক দোহাৰে৷

ইফালে শুকুৰবাৰে ভাৰত আৰু চিংগাপুৰৰ মাজত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ চুক্তি স্বাক্ষৰ হয়৷ প্ৰধানমন্ত্ৰীৰ চিংগাপুৰ যাত্ৰাৰ বিষয়ে মন্তব্য কৰি বিদেশ মন্ত্ৰণালয়ে কয় যে এই যাত্ৰা দুয়োখন দেশৰ মাজৰ ৰণনৈতিক, আৰ্থিক আৰু টেকনল’জী বিষয়ৰ সহযোগিতাৰ ক্ষেত্ৰত সহায়ক হৈছে৷   

উল্লেখ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৫ দিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে ইণ্ডোনেচীয়া, মালয়েচিয়া আৰু চিংগাপুৰলৈ গৈছিল৷ ভ্ৰমণৰ অন্তিম পৰ্যায়ত শুকুৰবাৰে তেওং চিংগাপুৰত উপস্থিত হোৱাৰ পিছত শনিবাৰে স্বদেশলৈ ৰাওনা হ’ব বুলি জানিব পৰা গৈছে৷