ডিজিটেল ডেস্কঃ মমতাৰ আপত্তিৰ বাবে ভাৰতলৈ আহি খালী হাতেৰে ঢাকালৈ উভতিবলৈ বাধ্য হ’ল বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। সোমবাৰে নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত হাছিনাৰ আক্ষেপ- 'মোদী ডাঙৰীয়াই আমাক আশ্বাস দিছিল। কিন্তু মমতা ডাঙৰীয়ানীয়ে কি কৰিব, সেয়াহে ক’ব নোৱাৰিম। আমাৰ সৈতে কথা হোৱাৰ সময়ত তেওঁ আন স্থিতিহে লোৱা দেখা গ’ল।’

হাঁহিৰ চলেৰে হাছিনাই কথাকেইটা ক’লেও বুজিবলৈ অকণো অসুবিধা নহ’ল যে মোদীৰ কথাক লৈ আশ্বস্ত হ’লেও মমতাৰ আপত্তিত সম্পূৰ্ণৰূপে হতাশ বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকী। বিশেষকৈ চুবুৰীয়া দেশখনৰ সাধাৰণ নিৰ্বাচনলৈ মাজত এবছৰ বাকী থকা অৱস্থাত তিস্তা প্ৰসংগকৈ লৈ যে হাছিনাৰ দলটোৱে বাৰুকৈয়ে শলঠেকত পৰিব পাৰে সেয়াও স্পষ্ট হৈ পৰে বডীলেংগুৱেজত।

উল্লেখ্য যে, তিস্তাক লৈ হাছিনাই আগবঢ়োৱা প্ৰস্তাব খাৰিজ কৰাৰ ৪৮ ঘণ্টাৰ পিছতে মোদীৰ সৈতে বৈঠকত মিলিত হয় মমতা বেনাৰ্জী। এই বৈঠকত ৰাজ্যৰ অৰ্থনৈতিক পৰিক্ৰমা সন্দৰ্ভত বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰিলেও বিজেপি সূত্ৰই তাত তিস্তা প্ৰসংগয়ো ঠাই পোৱা বুলি মন্তব্য কৰে।

'বৈঠকত তিস্তা প্ৰসংগতো কথা হৈছিল। মমতাই পূৰ্বৰ স্থিতিতে অটল হৈ আছে। মমতাৰ বিকল্প প্ৰস্তাবক লৈ কেন্দ্ৰও আগ্ৰহী নহয়, বাংলাদেশো আগ্ৰহী নহয়।’-বিজেপিৰ সূত্ৰটোৱে কয়।  বিজেপিৰ সূত্ৰটোৰ মতে এনে আকোৰগোজ মনোভাৱৰ পৰিপ্ৰেক্ষিতত এতিয়া এটা পথেই খোলা ৰৈছে আৰু সেয়া হৈছে মমতাৰ আপত্তিক উপেক্ষা কৰি বাংলাদেশৰ সৈতে তিস্তা চুক্তি সম্পাদন কৰা। আন্তৰ্জাতিক চুক্তি বাবে এই ক্ষেত্ৰত কেন্দ্ৰৰ সিদ্ধান্তই চূড়ান্ত বুলিও মন্তব্য কৰে বিজেপিৰ সূত্ৰটোৱে।

বিজেপিৰ সূত্ৰটোৱে এনে মন্তব্য কৰিলেও যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপিত হোৱাৰ আশংকাতে মোদীয়ে বিষণ্ণ মনেৰে হ’লেও মমতাৰ আপত্তিক গুৰুত্ব দিবলৈ বাধ্য হৈ পৰা বুলিও বিশ্লেষকসকলে মন্তব্য কৰিছে। বিশ্লেষকসকলৰ মতে ক্ষমতালৈ অহাৰ পিছৰে পৰা মোদীয়ে নিজকে বাংলাদেশৰ বন্ধু হিচাপে দেখুৱাবলৈ চেষ্টা কৰি আহিছে। সেয়ে মমতাৰ বাধাত তিস্তা চুক্তি সম্পন্ন নোহোৱাত মোদী বিচলিত হৈ পৰিছে বুলিও ক’ব বিচাৰিছে বিশ্লেষকসকলে। কিয়নো তিস্তা চুক্তি সম্পন্ন নহ’লে বন্ধুভাৱাপন্ন ভাৱমূৰ্তি বিনষ্ট হোৱাৰ সম্ভাৱনাই অধিক।

আনহাতে বাংলাদেশত হাছিনা বিৰোধীসকলে দীৰ্ঘদিন ধৰি হাছিনা দিল্লীৰ হাতৰ পুতলা বুলি অভিযোগ উত্থাপন কৰি আহিছে। তেনে সময়তে তিস্তা চুক্তি ব্যৰ্থ হোৱাত বিৰোধীসকলে পুনৰ কটাক্ষ কৰিবলৈ আৰম্ভ কৰিছে যে চুক্তি যদি কৰিবই নোৱাৰে তেন্তে ভাৰতৰ হাতৰ পুতলা হোৱাতো হাছিনাৰ বাবে লজ্জাজনক হোৱা উচিত।

এনে পৰিপ্ৰেক্ষিততে বিজেপিয়ে যুক্তি দিছে যে চুক্তি নহ’লে হাছিনাই আগন্তুক নিৰ্বাচনত বাংলাদেশত শলঠেকত পৰিব। ফলত বাংলাদেশৰ গাদী বিৰোধীৰ হাতলৈ যাব আৰু ভাৰতৰ সৈতে সম্পৰ্ক বিনষ্ট হ’ব। লগতে চুবুৰীয়া দেশখনত হাছিনা বিৰোধী দল শাসনলৈ আহিলে সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধি পালে পশ্চিমবংগৰে অধিক বিপদ হ’ব বুলিও মমতাক সতৰ্ক কৰি দিয়ে বিজেপিৰ সূত্ৰটোৱে। ভাৰতৰ সৈতে বাংলাদেশৰ সম্পৰ্কৰ অৱনতি হ’লে চীনে তাৰ স্থান ল’ব পাৰে বুলিও আশংকা ব্যক্ত কৰে বিজেপিৰ উক্ত সূত্ৰটোৱে।

ইয়াৰ মাজতে ভাৰত এৰাৰ সময়ত হাছিনাই মন্তব্য কৰে যে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ উন্নয়নৰ ক্ষেত্ৰত উমৈহতীয়া পানীৰ উৎসৰ গুৰুত্ব অপৰিসীম। তিস্তা চুক্তি দেশ দুখনৰ মাজত ভৱিষ্যতৰ সু-সম্পৰ্কৰ মূল চাবিকাঠি বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে হাছিনাই। কিন্তু পশ্চিমবংগৰ আৰ্থ সামাজিক ক্ষতিৰ বিষয়ে উল্লেখ কৰি মমতাই ইয়াৰ ঘোৰ বিৰোধিতা কৰাত হতাশ মনেৰে উভতিবলৈ বাধ্য হৈ পৰে হাছিনা।