ডিজিটেল ডেস্কঃ তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে মাৰ্কিন যুক্তৰাষ্ট্ৰ ভ্ৰমণলৈ যোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুক্তৰাষ্ট্ৰৰ প্ৰথমটো দিনত উদ্যোগপতি  তাৰকাসকলৰ সৈতে আলোচনাত বহাৰ লগতে ভাৰ্জিনিয়াত থকা ভাৰতীয় লোকসকলকো সাক্ষাত কৰে।

মুধাফুটা কোম্পানীবোৰৰ ২১ জন মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে হোৱা মেজমেলত ভাৰতৰ ব্যৱসায়িক অনুকূলতাৰ কথা দোহাৰি মোদীয়ে কয় যে ভাৰত চৰকাৰ এক দাগহীন স্বচ্ছ চৰকাৰ।

সামগ্ৰী আৰু সেৱাকৰৰ জড়িয়তে দেশত কৰৰ ক্ষেত্ৰত ঐতিহাসিক সংশোধনী পদক্ষেপৰ কথা উনুকিয়াই প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতক এক উত্থানমুখী ব্যৱসায়িক ক্ষেত্ৰৰূপে দাঙি ধৰে।

বিগত বৰ্ষৰ বহুচৰ্চিত চাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰসংগ উল্লেখ কৰি মোদীয়ে কয় যে বিশ্বৰ কোনো এখন দেশেই চাৰ্জিকেল ষ্ট্ৰাইকৰ ওপৰত প্ৰশ্ন কৰা নাই।

ভাৰতত বিনিয়োগ এক 'ৱিন ৱিন’ ফৰ্মূলা বুলি ৱাল ষ্ট্ৰীট জাৰ্নেলত স্বাক্ষৰিত প্ৰবন্ধ এটাও আজি প্ৰকাশিত হৈছে।

জিএছটিৰ পৰা আৰম্ভ কৰি বিভিন্ন খণ্ডত সংশোধনীৰ বাবে ৭ হাজাৰৰো অধিক পদক্ষেপ লোৱা হৈছে বুলি প্ৰৱন্ধটোত মোদীয়ে উল্লেখ কৰে।