গুৱাহাটীঃ অৱশেষত উৎকণ্ঠাৰ অন্ত পেলাই দেশৰ দীৰ্ঘতম দলং ঢলা-শদিয়াৰ নামাকৰণ হ’ল সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামেৰে।
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ক্ষেত্ৰখনত এক অনন্য মাত্ৰা প্ৰদান কৰা ঢলা-শদিয়া দলংখন আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰি আজি এই কথা ঘোষণা কৰে।
দলংখনৰ নিৰ্মাণকাৰ্যৰ আৰম্ভণিৰে পৰা বিভিন্ন দল-সংগঠনে এই প্ৰস্তাৱ আগবঢ়াই অহাৰ সময়তে দলংখনৰ উন্মোচনৰ দিনাখনলৈকে এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছিল সংবাদ মাধ্যমত।
ছ’চিয়েল মিডিয়াতো দলংখনৰ নাম 'ভূপেন হাজৰিকা সমন্বয় সেঁতু’ ৰাখিব লাগে বুলি বিভিন্নজনে মত ব্যক্ত কৰা পৰিলক্ষিত হৈছিল।
ভাৰতৰত্ন উপাধি প্ৰদান নকৰাক লৈ ক্ষোভৰ মাজতে দেশখনৰ দীৰ্ঘতম দলংখন সুধাকণ্ঠৰ নামত আজি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নামাকৰণ কৰাৰ বিশেষ তাৎপৰ্য আছে।
উল্লেখ্য যে মহাবাহুক লৈ কালজয়ী গীত গোৱা সুধাকণ্ঠৰ নামত এই দলংখনৰ নামাকৰণক লৈ উৎফুল্লিত হৈছে সকলো।