ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনলৈ মাজত আৰু ৩ দিন বাকী৷ কৰ্ণাটকত শাসকীয় চৰকাৰখনৰ পতন ঘটাই নতুন চৰকাৰ গঠন কৰিবলৈ উঠি পৰি লাগিছে বিজেপি৷ ইফালে পিছ পৰি ৰোৱা নাই শাসকীয় কংগ্ৰেছেও৷ ৰাজ্যখনৰ অধিক উন্নয়নৰ আশ্বাস দি কংগ্ৰেৰ নেতৃবৰ্গইও চলাইছে নিৰ্বাচনী প্ৰচাৰ৷ 

ৰাজ্যখনত বিজেপিৰ হৈ কেন্দ্ৰীয় অধ্যক্ষ অমিত শ্বাহ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই কেইবাখনো নিৰ্বাচনী সভাত অংশ লৈছে৷ আনহাতে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী আৰু দলৰ শীৰ্ষ নেতাইও ৰাজ্যখনৰ কেইবাখনো নিৰ্বাচনী সভাত অংশ লৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে৷ 

ৰাজ্যখনত অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ কালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিৰতিহীন ভাৱে কেইবাখনো নিৰ্বাচনী জনসভাত অংশ লৈছে৷ মঙলবাৰে নৰেন্দ্ৰ মোডীয়ে কৰ্ণাটকত ৩খন নিৰ্বাচনী সভাত অংশ লৈ নিৰ্বাচনী প্ৰচাৰ চলাব৷ মোডীয়ে বিজয়পুৰা, কোপ্পল আৰু বেগালুৰুত নিৰ্বাচনী জনসভাত অংশ লৈ ভোটাৰসকলৰ সম্বোধন কৰিব৷ 

আনহাতে ৰাজ্যখনত বিজেপিক জয়যুক্ত কৰিবলৈ বিজেপি অধ্যক্ষ অমিত শ্বাহেও পূৰ্ণ প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে৷ মঙলবাৰে অমিত শ্বাহে ৰাজ্যখনত ৪ খন পথনিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলাব৷ 

ইফালে প্ৰায় ২১ মাহ পিছত  মঙলবাৰে কৰ্ণাটকৰ নিৰ্বাচনী ৰেলীত অংশ ল’ব ছোনীয়া গান্ধীয়ে৷ তেওঁ কৰ্ণাটকৰ বীজাপুৰত সন্ধিয়া ৪ বজাত আৰম্ভ হ’বলগীয়া এখন নিৰ্বাচনী ৰেলীত অংশ লৈ কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাব৷

উল্লেখ্য যে, ২০১৬ চনত উত্তৰ প্ৰদেশৰ বাৰানসীত এখন নিৰ্বাচনী ৰেলীত অংশ লৈ থকা অৱস্থাতে ছোনীয়া গান্ধী অসুস্থ হৈ পৰিছিল৷ তাৰ পিছৰে পৰা কোনো নিৰ্বাচনী ৰেলীত অংশ লোৱা নাছিল ছোনীয়া গান্ধীয়ে৷ 

আনফালে বিগত ৩ মাহত ৯ বাৰ কৰ্ণাটক ভ্ৰমণ কৰা কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়েও মঙলবাৰে ৰাজ্যখনৰ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব৷