গুৱাহাটীঃ যিকোনো মূহুৰ্ততে অসম অসামৰিক সেৱা (এ চি এছ) আৰু অসম আৰক্ষী সেৱা(এ পি এছ)ৰ একাংশ বিষয়া গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰৱল হৈছে। অসম লোক সেৱা আয়োগ (এ পি এছ চি)ৰ নিলম্বিত অধ্যক্ষ ৰাকেশ পাল নেতৃত্বাধীন বাহিনীক লাখ লাখ টকা দি চাকৰি লৈ ৰাজ্যৰ বিভিন্ন স্থানত কাৰ্যনিৰ্বাহ কৰি থকা এ চি এছ-এ পি এছ অথবা ইয়াৰ সংলগ্ন সেৱাৰ বিষয়াৰ বিৰুদ্ধে যিকোনো সময়তে অভিযান চলাবলৈ সাজু হৈছে তদন্তকাৰী আৰক্ষী।

আজি পুনৰ ডিব্ৰুগড় আৰক্ষীয়ে ইতিমধ্যে ধৃত তিনি এ চি এছ বিষয়া ক্ৰমে ভাস্কৰজ্যোতি শৰ্মা, ভাস্কৰজ্যোতি দত্ত দাস আৰু অমিতজ্যোতি শৰ্মাক দুৰ্নীতিৰ মহানায়ক ৰাকেশ পালৰ সৈতে জেৰা কৰে। এই জেৰাত বহু গুৰুত্বপূৰ্ণ তথ্য উদ্ধাৰ হয় বুলি তদন্তকাৰী আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিছে।অৱশ্যে তদন্তৰ খাতিৰত সূত্ৰটোৱে অধিক তথ্য প্ৰকাশৰ পৰা বিৰত থাকে।

সূত্ৰটোৱে জনোৱা মতে, ৰাকেশ পালৰ এ পি এছ চিৰ অধ্যক্ষৰ কাৰ্যকালত অসামৰিক সেৱাৰ সকলো পৰীক্ষাত বৃহৎসংখ্যক প্ৰাৰ্থীয়ে ধনৰ বিনিময়ত চাকৰি লোৱাটো নিশ্চিত হৈছে। ২০১৬ অসামৰিক সেৱাৰ পৰীক্ষাতো বহুসংখ্যক প্ৰাৰ্থীয়ে পালবাহিনীৰ সৈতে বুজন অংকৰ ধনৰ লেনদেন কৰি চাকৰি  লাভ কৰাৰ তথ্য উদ্ধাৰ হৈছে।

এনেদৰে অসৎ পথেৰে চাকৰি লোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে তদন্তকাৰী আৰক্ষীক অনুমতি দিছে বুলি সূত্ৰটোৱে জানিবলৈ দিছে। সেই অনুসৰি তদন্তকাৰীয়ে প্ৰস্তুতি তুংগত তুলিছে।

লক্ষ্যণীয় যে যোৱা দুই মে’ৰ নিশা ডিব্ৰুগড় আৰক্ষীয়ে একেলগে তিনিজনকৈ ৰাজহ চক্ৰ বিষয়াক ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰে। এই ধৃত তিনি বিষয়াই তেওঁলোকৰ জৰিয়তেও আন একাংশই ৰাকেশ পাল বাহিনীক উৎকোচ দি চাকৰি লোৱা বুলি জেৰাত প্ৰকাশ কৰিছে।