মৰিগাঁওঃ মৰিগাঁও জিলা পৰিষদৰ ১৩ খন আসন বিশিষ্ট  জিলা পৰিষদত সংখ্যা গৰিষ্ঠ লাভ কংগ্ৰেছৰ। উল্লেখযোগ্য যে শেষৰখন চাবুকধৰা জিলা পৰিষদত মণিকা বৰদলৈয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়।

'সব কা চাথ সব কা বিকাশ' মহা মন্ত্ৰ আগত ৰাখি শাসনাধিস্থিত কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰৰ দুজনকৈ মন্ত্ৰী আৰু কেবিনেট মন্ত্ৰী পৰ্যয়ৰ এগৰাকী মীন অধ্যক্ষৰে প্ৰতিনিধিত্ব কৰা পাছতো মৰিগাঁও জিলা পৰিষদ গঠন কৰিব নোৱাৰিলে শাসনাধিস্থিত বি জে পি দলটোৱে।

তেৰখন আসন বিশিষ্ট মৰিগাঁও জিলাখনৰ কেন্দ্ৰ আৰু ৰাজ্যৰ শাসনাধিস্থিত বি জে পি দলটোৱে পাঁচখন আসন দখল কৰাৰ বিপৰীতে বিৰোধী কংগ্ৰেছ দলে শেষৰখন চাবুকধৰা জিলা পৰিষদত মনিকা বৰদলৈয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হোৱা পাছতে আঠখন আসন দখল কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে মৰিগাঁও জিলা পৰিষদ গঠনৰ দিশে আগবঢ়াৰ বিপৰীতে আঞ্চলিক দল অসম গণ পৰিষদে এখনো আসন দখল কৰিবলৈ সক্ষম নহ'ল।

আনফালে তেৰখন আসনবিশিষ্ট ভূৰবন্ধাৰ আঞ্চলি পঞ্চায়তত বি জে পি আৰু জাতীয় ঐক্য মঞ্চ সমৰ্থনত আঞ্চলিক পঞ্চায়ত গঠনৰ দিশে আগবাঢ়ি থাকে।