নতুন দিল্লীঃ কেন্দ্ৰ চৰকাৰক ৰাষ্ট্ৰীয় নাগৰিক উন্নয়নপঞ্জী চমুকৈ এন আৰ চি সন্দৰ্ভত প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অসমৰ যুৱ সাংসদ গৌৰৱ গগৈয়ে। সাংসদজনে আজি লোকসভাত এন আৰ চি বিষয়ক কেবাটাও গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰে।

গাঁও পঞ্চায়তৰ নথিক লৈ উচ্চ ন্যায়ালয়ৰ শেহতীয়া ৰায়ে ৰাজ্যখনৰ ৪৮ লাখ বিবাহিত মহিলাক উদ্বিগ্ন কৰি তুলিছে বুলিও লোকসভাত সদৰী কৰে কলিয়াবৰৰ কংগ্ৰেছ সাংসদজনে।

নিজৰ বক্তব্যত তেওঁ ভাৰতলৈ অহা অবৈধ বাংলাদেশী চিনাক্তকৰণ আৰু অতি শীঘ্ৰে জাতি-ধৰ্ম নিৰ্বিশেষে নিৰ্বাসিত কৰাতো গুৰুত্ব আৰোপ কৰে। এন আৰ চি উন্নীতকৰণৰ বাবে ৪৮ লাখ বিবাহিত মহিলাৰ পঞ্চায়তৰ প্ৰমাণ পত্ৰক লৈ প্ৰদান কৰা নিৰ্দেশক গৃহ মন্ত্ৰালয়ে নজৰ দিয়া উচিত বুলিও মন্তব্য কৰে সাংসদ গৌৰৱে৷

তেওঁ আৰু কয় যে পঞ্চায়তৰ প্ৰমাণপত্ৰ গৃহ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ মহাপঞ্জীয়ক, ভাৰতৰ লোকপিয়ল আযুক্ত আৰু  উচ্চতম ন্যায়ালয়ৰদ্বাৰা পৰীক্ষাৰ অন্তত অনুমোদন কৰি ব্যৱহাৰ কৰিব লাগে ৷ 

নথিভুক্তকৰণৰ বাবে পঞ্চায়তৰ প্ৰমাণপত্ৰখন বৈধ নথিপত্ৰ হিচাপে গণ্য কৰাতো উচিত হ'ব নে নাই সেই লৈ বিচাৰ-বিশ্লেষণৰ অন্ততহে গৃহ মন্ত্ৰালয় আৰু ভাৰত চৰকাৰক চূডা়ন্ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়। (Photo Courtesy: telegraphindia.com)