ডিজিটেল ডেস্কঃ সংকটত পৰিব নেকি তৃণমূল কংগ্ৰেছ৷ পশ্চিম বংগৰ শাসন ভাৰ দখল কৰি থকা দলটোৰ পৰা কেবাগৰাকী বিধায়ক ওলাই গৈ বিজেপিত যোগদান কৰিব বুলি খবৰ প্ৰচাৰ হৈ থকাৰ সময়তে বুধবাৰে দল আৰু ৰাজ্যসভাৰ সাংসদ পদ এৰিলে দলৰ এগৰাকী জ্যেষ্ঠ নেতাই৷ তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মুকুল ৰায়ে সংগ এৰিলে মমতা দিদিৰ। মমতা দিদিৰ সংগ এৰি কোন দলত যোগদান কৰিব সেই কথা এতিয়ালৈ স্পষ্ট কৰা নাই মুকুলে।

মুকুলে অন্তৰত যন্ত্ৰণা লৈ তৃণমুল দল এৰা বুলি কয়। আনহাতে মুকুলকো তৃণমুলৰ প্ৰধান সম্পাদক প্ৰাৰ্থ চট্টপাধ্যায়ে আক্ৰমণ কৰি বাংলা বাছিল বুলি কটাক্ষ কৰে। বুধবাৰে উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ হাতত ৰাজ্য সভাৰ পদৰ পৰা পদত্যাগ পত্ৰ দাখিল কৰে মুকুলে। ২৫ ছেপ্তেম্বৰত ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল তেও। হৃদয়ত গভীৰ যন্ত্ৰণা লৈ এই সিন্ধান্ত লোৱা বুলি কৈছিল নেতাগৰাকীয়ে।

তৃণমূল দলত জন্মলগ্নৰে পৰা কাম কৰি অহা নেতাগৰাকীয়ে দলত তেওৰ ভূমিকা সন্দৰ্ভত স্মৃতি ৰোমন্থন কৰে। ১৯৯৭ চনৰ ১৭ ডিচেম্বৰত দলটোৰ পঞ্জীয়ণ হোৱা বুলি কৈ আবেগিক হৈ পৰে মুকুল। উক্ত বছৰতে মমতা বেনাৰ্জীক কংগ্ৰেছ দলে বিতা়ড়িত কৰে। তাৰ পিছত মমতাই তৃণমুলত যোগ দিয়ে। মই সেই যোগদানৰ কথা জনাও আয়ুক্তক। সেই সময়ত সুব্ৰত বক্সী চৰকাৰি কৰ্মচাৰি হোৱাৰ বাবে দলটোৰ পঞ্জীয়ন কৰিব পৰা নাছিল৷

এই কথাবোৰ আজি ইতিহাস হ’ল৷ ১৯৯৮ চনতে তৃণমূলে বিজেপিৰ হাতত ধৰিছিল বুলি কয় মুকুলে৷ এনডিএৰ সৈতে লগলাগি নিৰ্বাচন খেলিছিলো৷ মমতা ৰেলমন্ত্ৰী হয় আনহাতে অজিত পাঁজাও মন্ত্ৰী হয়৷ তেতিয়া বিজেপি সাম্প্ৰদায়ীক নাছিল৷ ২০০৭ পৰ্যন্ত বিজেপিৰ সৈতে আছিল তৃণমূল৷ তাৰ পিছত কংগ্ৰেছ দলত যোগ দিয়ে৷

টুজি আৰু কমনৱেলথ গেমৰ কেলেংকাৰীৰ পিছত ২০১২ ইউপিএ ত্যাগ কৰে৷ ২০১২-২০১৪ চনত তৃণমূল প্ৰধান বিৰোধি দল হিচাপে আছিল বুলিও স্মৃতি ৰোমন্থন কৰে মুকুল ৰায়ে৷ তৃণমূল কংগ্ৰেছ এৰি কত যোগদান কৰিব সেই কথা স্পষ্ট কৰা নাই যদিও ৰাহুল গান্ধীৰ সৈতে কথা পতা বুলি কয় মুকপলে৷ অধিৰ চৌধুৰী তেওৰ ভাল বন্ধু সীতাৰাম য়েচুৰিও তেওৰ ভাল বন্ধু বুলি কয়৷ একাংশ লোকে মুকুলৰ বিজেপিত যোগদানৰ সম্ভাৱনাই বেছি বুলি কয়৷