ডিজিটেল ডেস্কঃ কৰ্তব্য পালনৰ বাবে সাজু হৈছে দেশৰ প্ৰথমটো চালকবিহীন টেংক। চেন্নাইৰ পৰীক্ষাগাৰত তৈয়াৰী এই টেংকটোৰ নাম হৈছে মুন্ত্ৰা।

টেংকটোৱে ভাৰতীয় নিৰাপত্তা বাহিনীৰ উল্লেখযোগ্য সদস্য হিচাপে আত্মপ্ৰকাশ কৰিব বুলি দাবী কৰিছে ইয়াৰ নিৰ্মাণকাৰীস সংস্থা ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভলপমেণ্ট অৰ্গেনাইজেশ্যন চমুকৈ ডি আৰ ডি অ’ৱে।

আৰম্ভণিতে এই টেংকৰ তিনিটা মডেল তৈয়াৰ কৰা হৈছে। প্ৰথমটো মডেল হৈছে মুন্ত্রা S। এই মডেলটোৰ মুখ্য কাম পহৰা দিয়া। দ্বিতীয়টো হৈছে মুন্ত্রা M। এই মডেলটোৱে ক’ত মাইন থোৱা আছে সেয়া চোৱা-চিতা কৰিব।

তৃতীয়টো মডেল হৈছে মুন্ত্রা N। ই পৰমাণু ৰেডিয়েশ্যন অথবা বায়ো ৱেপনৰ সম্ভেদ ল’ব। মূলত সেনা বাহিনীৰ বাবেই এই চালকবিহীন টেংক তৈয়াৰ কৰা হ’লেও নক্সাল অধ্যুষিত অঞ্চলত পহৰা দিবলৈকো মুন্ত্ৰা টেংক ব্যৱহাৰৰ অনুমতি বিচাৰিছে অৰ্ধ সামৰিক বাহিনীয়েও।

ডি আৰ ডি অ’ৰ সূত্ৰই সদৰী কৰা মতে, ৰাজস্থানৰ মহাজন ফিল্ড ফায়াৰিং ৰেঞ্জত মুন্ত্ৰা টেংকৰ কাম-কাজৰ পৰীক্ষা চলোৱা হৈছে। ৰুক্ষ মৰুভূমিৰ ৫২ ডিগ্ৰী ছেণ্টিগ্ৰেড তাপমাত্ৰাটো এই টেংকটোৱে সঠিকভাৱে কাম কৰিব পাৰে বুলি নিৰ্মাণকাৰী সংস্থাটোৱে সদৰী কৰিছে।

টেংকটোৱে ১৫ কিলোমিটাৰ দূৰত্বৰ যিকোনো বস্তুৰ ওপৰত নজৰ দিবলৈ সক্ষম। ইয়াত সংলগ্ন হৈ আছে ইলেক্ট্ৰ’মেগনেটিক সুৰক্ষা প্ৰণালী আৰু নাইট ভিজন কেমেৰা।