ছাদিকুজ জামান মোৰাঝাৰঃ হোজাই জিলা এতিয়া অপৰাধীৰ ৰম্যভূমি লৈ পৰিণত হৈছে |হোজাইৰ মোৰাঝাৰত মৰেল পুলিচৰ তাণ্ডৱে জোকাৰি গল সমগ্ৰ জিলা|মাৰপিট কৰি বিডিঅ ভাইৰেল সামাজিক মাধ্যমত|এনে ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
জিলাখনৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত বুৰুঙাতলিত তিনিদিন পূৰ্বে সংঘটিত হৈছে এই ভয়ানক কাণ্ড।
জানিব পৰা মতে কলেজীয়া ছাএ তথা বান্দৰমেলাৰ বাসিন্দা আব্দুৰ ৰহমানৰ পুএ নজৰুল ইছলামক বুৰুঙাতলিক পাঁচ জনীয়া উদণ্ড যুৱকে হাত বান্ধি মাৰপিট কৰে|
উল্লেখ যে নজৰুল ইছলামে পীৰবজাৰত নিজৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি যোৱা ২৭ এপ্ৰিলত নিশা ১০ বজাত কৰৈয়নীত যাওঁতে বাটত আগুচি ধৰি এনে মৰেল পুলিচগিৰি সংঘটিত কৰে এই মৰেল ৰুপী উদণ্ড যুৱকে।
ঘটনাৰ পাছতে ভুক্তভোগীয়ে মঙলবাৰে মোৰাঝাৰ থানাত এজাহাৰ দাখিল কৰে |মোৰাঝাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়া লৈ কোনো মৰেল পুলিচক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। যাৰ বাবে সমগ্ৰ অসমজুৰি চাঞ্চল্যই বিৰাজ কৰিছে।
আৰক্ষীয়ে ধনৰ বিনিময়ত বহু অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ আছে, সেয়ে মোৰাঝাৰ অঞ্চলত ন্যায় বিচাৰি ভুক্তভোগীয়ে আৰক্ষীৰ কাষ চাপোতে ভয়ৰ সৃষ্টি হৈ পৰিছে।