ছাদিকুজ জামান, মোৰাঝাৰঃ হিন্দী বোলছবিত আৰক্ষী সাজত নায়কে ভিলেইনক অকথ্য নিৰ্যাতন চলোৱাৰ লগতে মাৰপিট কৰা কাহিনী সকলোৱে দেখিছোঁ| হিন্দী ছবিৰ দৰেই অনুৰূপ ঘটনা সংঘটিত হ’ল হোজাই জিলাৰ লংকাত|

অভিযোক্তক ধৰি থানালৈ নিয়াৰ পৰিৱৰ্তে বাটতে গুণ্ডা লগাই মাৰপিট কৰালে আৰক্ষীয়ে| উক্ত ঘটনা সন্দৰ্ভত জানিব পৰা মতে, হোজাই জিলাৰ লংকাৰ উদালী আৰক্ষী চকীৰ আৰক্ষী বিষয়া দিলিপ দাসে ১৮ মে’ত বামুনগাঁৱৰ চাহাব উদ্দিন নামৰ লোকজনক থানালৈ উঠাই আনি ১৯ তাৰিখে নগদ ধন ২৫০০ টকা লৈ এৰি দিয়ে|

পাছত পুনৰ উদালী আৰক্ষী বিষয়া দিলিপ দাসসহ এটি আৰক্ষী দলে ২১ তাৰিখে নিশা ১২ বজাত বামুনগাঁৱৰ নিজ গৃহৰপৰা চাহাব উদ্দিনক পুনৰ উঠাই আনি থানা পোৱাৰ আধা কিঃমিঃ দূৰত গাড়ী ৰখাই চাহাব উদ্দিনৰ দুই হাত বান্ধি গাড়ীৰপৰা নমাই দুৰ্বৃত্তক লগাই মাৰধৰ কৰায়|

পাছত পুনৰ আৰক্ষীৰ গাড়ীত উঠাই উদালী থানালৈ লৈ আহে আৰু থানাত আহি চাহাব উদ্দিনক মাৰপিট কৰাৰ লগতে তেওঁৰ গুপ্তাংগত জুইশলা মাৰি জ্বলাই দিয়ে| ২২ আৰু ২৩ মে’ তাৰিখে চাহাব উদ্দিনৰ পৰিয়ালৰ আত্মীয় থানালৈ অহাত চাহাব উদ্দিনক জে’ললৈ প্ৰেৰণ কৰা হ’ল বুলি আৰক্ষীয়ে কৈ অভিযুক্তজনৰ পৰিয়ালৰ লোকসকলক খেদি পঠিয়ায়|

২৪ মে’ত পুনৰ দিলিপ দাসে চাহাব উদ্দিনৰ মাকক ঘৰৰপৰা থানালৈ মাতি আনি চাহাব উদ্দিনক চমজাই দিয়ে| অসুস্থ হৈ পৰা চাহাব উদ্দিনক পৰিয়ালে চিকিৎসালয়ত চিকিৎসা কৰাৰ লগতে শনিবাৰে  ঘটনা সন্দৰ্ভত উদালী আৰক্ষী বিষয়া দিলিপ দাস, আব্দুল মানিক, লাটিফ, আইনুল হক আৰু শুকুৰৰ বিৰুদ্ধে লংকা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে|

উল্লেখ যে, উদালী আৰক্ষী বিষয়া দিলিপ দাসক ঘটনা সন্দৰ্ভত জানিব বিচৰাত সাংবাদিক দেখি পলায়ন কৰে আৰক্ষী|