মোৰাঝাৰঃ হোজাই জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিলে জিলাখনৰ কুঁহিয়াৰ খেতিয়কে| জিলাখনৰ কে'বা শতাধিক কুঁহিয়াৰ কৃষকে জিলা সদৰ শংকৰদেৱ নগৰত প্ৰতিবাদী কাৰ্যসূচী পালনেৰে শীঘ্ৰে জিলাখনত বন্ধ হৈ থকা গুৰ বজাৰ মুকলি কৰি দিয়াৰ দাবী জনায়।
কৃষকসকলে শীঘ্ৰে হোজাই জিলাৰ গুৰৰ বজাৰসমূহ মুকলি কৰি দিবলৈ হোজাইৰ উপায়ুক্তক এক স্মাৰক-পত্ৰ প্ৰদান কৰি বিহিত ব্যৱস্থাৰ দাবী জনায়। ইয়াৰ অন্যথা অনাগত দিনত জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ প্ৰদান কৰে।
উল্লেখ্য যে, উজনি অসমৰ যোৰহাট আৰু গোলাঘাট জিলাত লালিগুৰৰপৰা তৈয়াৰ হোৱা চুলাই মদে বহু লোকক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ফলত সম্প্ৰতি ৰাজ্যখনত লালিগুৰৰ ওপৰত চৰকাৰে নিষেধাজ্ঞা জাৰি কৰিছে|
যাৰ ফলত লালিগুৰৰ লগতে খাদ্য হিচাবে গ্ৰহণ কৰা গুৰৰ বজাৰো বন্ধ হৈ পৰিছে। যাৰ বাবে কুঁহিয়াৰ খেতিৰে স্বাৱলম্বী হৈ দুবেলা-দুমুঠি পেটৰ ভাত মোকলাই জীৱন নিৰ্বাহ কৰি অহা কৃষকসকলে গুৰ তৈয়াৰ কৰি বজাৰ নোপোৱাত হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে।
যাৰ বাবে হোজাই জিলাৰ বহু হাজাৰ কুঁহিয়াৰ খেতিয়কৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। বিভিন্ন বজাৰত উৎপাদিত গুৰ বিক্ৰি কৰিব নোৱাৰি কুঁহিয়াৰ খেতিয়কসকলে পৰিয়ালক চলাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে| যাৰ বাবে সোমবাৰে এনেদৰে জিলাখনত সাব্যস্ত হ’ল প্ৰতিবাদ|
উল্লেখ্য হোজাই আৰু কাৰ্বিআংলং জিলাতে ৰাজ্যখনৰ ভিতৰত সৰ্বাধিক কৃষকে কুঁহিয়াৰ খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আছে|