লালুকঃ যুৱ ব্যৱসায়ী গুলজাৰ হুছেইনৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত লালুক আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে৷

লখিমপুৰ জিলাৰ উপ-আৰক্ষী অধীক্ষক ৰশ্মি ৰেখা শৰ্মা আৰু লালুক থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেন বৰুৱাৰ নেতৃত্বত যোৱা আৰক্ষী দলে যোৱা নিশা ২ নং ধৰ্মপুৰৰ নিবাসী আব্দুল মোতালিবৰ পুত্ৰ শ্বাহনাজ আলীক গ্ৰেপ্তাৰ কৰে৷

ধৃত শ্বাহনাজ নিহত গুলজাৰৰ লব্যৱসায়িক সঙ্গী আছিল৷ শেহতীয়াভাৱে ব্যৱসায় সংক্ৰান্তীয় লেনদেনক লৈ দুয়োৰে মাজত মতানৈক্যৰ সৃষ্টি হৈছিল৷ সেই সূত্ৰে গুলজাৰৰ পৰিয়ালে দিয়া অভিযোগৰ ভিত্তিত আৰক্ষীয়ে শ্বাহনাজক গ্ৰেপ্তাৰ কৰি অনুসন্ধান অব্যাহত ৰাখিছে৷

যোৱা বৃহস্পতিবাৰে এটা দুজনীয়া দুৰ্বৃত্তৰ দলে গুলজাৰক ঘৰৰ ওচৰতে তথা লালুক যুৱনগৰ তিনিআলিত গুলীয়াই হত্যা কৰে।