মাৰ্ঘেৰিটাঃ আপুনি বাৰু ভাৰাঘৰৰ মালিক নেকি? নাইবা, আপোনাৰ চুবুৰীয়াজন ভাৰাতীয়া নেকি? আপোনাৰ নতুন ভাৰাতীয়া জনৰ সঠিক ঠিকনা আপুনি জানেনে?  যদি নাজানে তেন্তে সাৱধান হওক! কাৰণ, যিকোনো মুহূৰ্তত আপুনি নাইবা আপোনাৰ পৰিয়ালৰ প্ৰিয়জন হ'ব পাৰে হত্যাৰ বলি ৷ নাইবা, হ'ব পাৰে কুখ্যাত অপৰাধীৰ টাৰ্গেট৷

তেনে এক ঘটনাই সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত৷ সুদীৰ্ঘ প্ৰায় বাৰ বছৰৰ মূৰত ওদালগুৰিৰ এক হত্যাৰ গোচৰত অভিযুক্ত এজন কুখ্যাত অপৰাধী আটক হৈছে কয়লা নগৰী মাৰ্ঘেৰিটাৰ লিডুত৷ ঘটনাৰ বিৱৰণী অনুসৰি, বিগত ২০০৩ বৰ্ষতেই ওদালগুৰি জিলাৰ ওদালগুৰি আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩২/২০০৩ নং গোচৰৰ ১৪৭/১৪৮/ ১৪৯/ ৩০২/৩২৪ ধাৰাৰ অধীনত অভিযুক্ত  জিলাখনৰ ভূতুনিডোবা অঞ্চলৰ জাবেদ আলি নামৰ ব্যক্তিজনক ওদালগুৰি আৰক্ষীয়ে বিচাৰি আছিল৷  

ওদালগুৰি জিলা প্ৰশাসনৰ তৰফৰ পৰা পলাতক অভিযুক্তজনৰ সম্ভেদ দিওঁতা জনক দহ হাজাৰ টকাৰ এক পুৰস্কাৰো ঘোষণা কৰি থৈছিল৷ বিশেষ সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত এক দশতকৈয়ো অধিক সময়ৰ অন্তত আজি পুৱা ওদালগুৰি আৰক্ষীৰ এটা দল আহি লিডু আৰক্ষী চকীত উপস্থিত হয়। লিডুত উপস্থিত হৈয়ে স্থানীয় লিডু আৰক্ষীৰ সৈতে যুটীয়া অভিযান চলাই লিডু বজাৰৰ পৰা পলাতক নৃশংস হত্যাকাৰী জাবেদ আলিক আটক কৰিবলৈ আৰক্ষী সক্ষম হয় ওদালগুৰি আৰক্ষীয়ে৷

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, হত্যাৰ দৰে গুৰুতৰ অভিযোগত অভিযুক্ত জাবেদ আলিয়ে লিডুত এটা ভাৰাঘৰত থাকি লিডু বজাৰত শাক-পাচলিৰ বেহা কৰি ভুৱা পৰিচয়েৰে বিগত প্ৰায় ১২ বছৰ ধৰি আত্মগোপন কৰি আছিল৷ লিডুত জাবেদে বসবাস কৰা ভাৰাঘৰৰ মালিক, চুবুৰীয়াসকলে আজি জাবেদ আলিৰ এই নতুন পৰিচয়ৰ বিষয়ে অৱগত হৈ হতভম্ব হৈ পৰে৷

কাৰণ, তেওঁলোকৰ মতে, জাবেদৰ ব্যৱহাৰ, মাত-কথা আছিল যথেষ্ট অমায়িক৷ "মানুহজন ইমান ভদ্ৰ, ব্যাৱহাৰ ইমান ভাল। এনে এজন মানুহ হত্যাকাৰী হ'ব পাৰে বুলি আমি ভাবিবই পৰা নাছিলো। সঁচাকৈয়ে মানুহ চিনাতো সহজ নহয়।"-এইদৰে কয় এজন চুবুৰীয়াই।

আনহাতে, জাবেদ আলিৰ অমায়িক চেহেৰাৰ আঁৰৰ কুখ্যাত অপৰাধীৰ ৰূপটোৰ বিষয়ে চিন্তা কৰি সম্ভাৱ্য অনাকাংক্ষিত বিপদৰ পৰা ৰক্ষা পৰি স্বস্তিৰ নিশ্বাস পেলাইছে তেওঁৰ চুবুৰীয়াসকলে৷ ইতিমধ্যে, ওদালগুৰি আৰক্ষীয়ে আটকাধীন জাবেদক নিজৰ জিম্মাত লৈ ওদালগুৰি অভিমুখে ৰাওনা হৈছে৷