ডিজিটেল ডেস্কঃ মুছলমানে ফেচবুক-টুইটাৰত তথা ছচিয়েল মিডিয়াত আপলোড কৰিব নোৱাৰিব ফটো৷ ভাৰতৰ মুছলমানৰৰ ধৰ্মীয় শিক্ষাৰ আটাইতকৈ বৃহৎ অনুষ্ঠান উত্তৰ প্ৰদেশৰ দেওবন্দৰ দাৰুল উলুমে মুছলমানক ছচিয়েল মিডিয়াত পুৰুষ আৰু মহিলাৰ ফটো আপলোড কৰাত বাধা আৰোপ কৰিছে৷

বাধা আৰোপ কৰাই নহয় বিৰত থাকিবলৈ নিৰ্দেশ দিছে। দাৰুল উলুম দেওবন্দৰ 'ফটোৱা' বিভাগ দাৰুল ইফটাই প্ৰকাশ কৰা মতে কোনো পুৰুষ নতুবা মহিলাই নিজৰ নাইবা নিজৰ পৰিয়ালৰ সদস্যৰ ফটো যিকোনো ছচিয়েল মিডিয়াত প্ৰকাশ কৰিলে সেয়া ইছলাম বিৰোধী 'un-Islamic' হিচাপে গন্য কৰা হ'ব।

কিছুদিন পুৰ্বে এগৰাকী লোকে ছচিয়েল মিডিয়াত তেওৰ আৰু পত্নীৰ ফটো ফেচবুক আৰু ৱাটছএপত পোষ্ট কৰিব পাৰিবনে বুলি প্ৰশ্ন কৰি দাৰুল উলুম দেওবন্দৰ 'ফটোৱা বিভাগ'লৈ এখন চিঠি লিখিছিল। চিঠিৰ উত্তৰ স্বৰূপে দাৰুল উলুম দেওবন্দে ফটোৱা জাৰী কৰে৷ কোনো মুছলমানে ফেচবুক ৱাটছএপ আদি ছচিয়েল মিডিয়াত কোনোধৰনৰ ফটো আদি পোষ্ট কৰিব নোৱাৰিব বুলি কয়।

মুফতি তাৰিক কাছিমী নামৰ মাদ্ৰাছাখনৰ এগৰাকী পণ্ডিতে ইছলাম ধৰ্মত বিনাকাৰণত ফটো তোলাৰেই অনুমতি নাই সেই ইছলামত ফেচবুক ৱাটছএপত ফটো পোষ্ট কৰিবলৈ কোনোপধ্যেই অনুমতি দিয়া নহ'ব। ইছলামত এনেধৰণৰ কাৰ্যৰ অনুমতি নাই বুলি কয়। দাৰুল উলুম দেওবন্দে মুছলিম মহিলাই চুলি কটা আৰু চেলাউৰি প্লাগ কৰাৰ ওপৰতো বাধা আৰোপ কৰি ফটোৱা জাৰী কৰিছিল।