Los Angeles Times
Los Angeles Times

newsnextone.com | ডিজিটেল ডেস্কঃ ৰোহিংগীয়া শৰণাৰ্থীক উভতাই নিয়াৰ বাবে যোজা চলাইছে ম্যানমাৰ চৰকাৰে৷ কোনো চৰ্ত নোহোৱাকৈ ম্যানমাৰ চৰকাৰে বাংলাদেশৰ পৰা নিব শৰণাৰ্থীসকলক৷

বাংলাদেশত থকা ৰোহিংগীয়া শৰণাৰ্থীসকলক ম্যানমাৰে উভতাই নিয়াৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰাৰ লগতে, স্বাভাবিক পৰিস্থিতি ৰক্ষা কৰা আৰু নিৰাপত্তা প্ৰদান কৰাৰ বাবেও আশ্বাস প্ৰদান কৰে৷

বাংলাদেশত শৰণাৰ্থী হিচাপে বসবাস কৰি থকা ম্যানমাৰৰ ৰোহিংগীয়া মুছলমানক উভতাই নিয়াৰ ক্ষেত্ৰত ম্যানমাৰ চৰকাৰ আৰু ৰাষ্ট্ৰসংঘৰ মাজত এখন চুক্তি স্বাক্ষৰ কৰা হয়৷ ৰোহিংগীয়া শৰণাৰ্থীক উভতাই নিয়াৰ বাবে উপযুক্ত পৰিবেশ সাঁজু কৰা হ’ব আৰু শীঘ্ৰে শৰণাৰ্থীসকলক উভতাই নিব ম্যানমাৰ চৰকাৰে৷ 

ৰোহিংগীয়া শৰণাৰ্থীক উভতাই নিবৰ বাবে কোনো সমস্যা নিবিচাৰে ম্যানমাৰ চৰকাৰে৷ যাৰ ফলত বাংলাদেশে বাৰে বাৰে বিচাৰি থকাৰ পিছতো উভতাই নিয়া নিছিল শৰণৰ্থীসকলক৷ বাংলাদেশে প্ৰথমৰ পৰাই শৰণাৰ্থী সমস্যা সমাধান কৰিবৰ বাবে ৰাষ্ট্ৰসংঘক চামিল হোৱাটো বিচাৰিছিল৷ বাংলাদেশে বিচাৰিছিল মানবীয় দৃষ্টিভংগীৰে এই সমস্যা সমাধান কৰাৰ বাবে৷ তাৰ পিছতে ৰাষ্ট্ৰসংঘৰ মানবিক সমন্বয়ৰক্ষী সমিতিয়ে ইয়াক গুৰুত্বপূৰ্ণ বিষয় হিচাপে চিহ্নিত কৰে৷ 

ৰাষ্ট্ৰসংঘই কয় যে কেৱল ৭ লাখ ৰোহিংগীয়া শৰণাৰ্থীক উভতাই নিয়াই নহয় তেওঁলোকক নিৰাপত্তা দিব লাগিব৷ উভতি যোৱাৰ পিছত সামাজিক পৰিচয় উদ্ধাৰ আৰু সকলো কাম কাজত যোগ দিব পাৰিব ম্যানমাৰত৷  

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাই জেনেভাত ৰোহিংগীয়াৰ প্ৰত্যাবৰ্তনৰ বাবে বাংলাদেশ চৰকাৰৰ সৈতে স্মাৰকত স্বাক্ষৰ কৰে৷ বৰ্তমান বাংলাদেশত ১১ লাখ শৰণাৰ্থী আছে৷