ডিজিটেল ডেস্কঃ আমেৰিকাৰ ধমকিত সেও মানি ৫ বছৰৰ মূৰকত পাকিস্তানে যোৱা ১৫ অক্টোবৰত উগ্ৰপন্থীৰ হাতৰ পৰা মুকলি কৰিছিল কানাডাৰ নাগৰিক জুশুয়া বয়েলৰ পৰিয়ালক৷ পাকিস্তান সেনাৰ সহযোগত তালিবানৰ ঘাটিৰ পৰা উদ্ধাৰ হোৱা জুশুয়া বয়েল, পত্নী আৰু দুই সন্তান সহ টৰেন্ট’ত উপস্থিত হোৱাৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত ৫ বছৰে তালিবানে বন্দী কৰি ৰখাৰ সময়ৰ ভয়াবহ স্মৃতি ৰোমন্থন কৰাত বিশ্বত খলকনি লাগিছিল৷
কানাডাৰ নাগৰিক জুশুয়া বয়েলৰ মাৰ্কিন পত্নী সহ বন্দীত্বৰ দুৰ্বিষহ ৫ বছৰৰ কথা কৈ শিয়ৰি উঠিছিল। theguardianত সবিস্তাৰে প্ৰকাশ পাইছিল এই খবৰে৷ বয়েলে কৈছিল "মোৰ পত্নীক গণ ধৰ্ষণ কৰিছে। মোৰ সন্তানক হত্যা কৰিছে"৷ কেৱল ইমানে নহয় তালিবানৰ ভাতৃ সংগঠন হাকানিৰ মুৰব্বীৰ কথা কৈ বয়েলে আৰু কয় "হাকানি সন্ত্ৰাসবাদীয়ে মোৰ কন্যা শিশুক হত্যা কৰিছে৷ মই আৰু মোৰ পত্নীয়ে সিহতৰ সংগঠনত যোদ নিদিয়াৰ বাবে মোৰ পত্নীক গণ ধৰ্ষণ কৰিছে৷
সিহতৰ কেপ্টেইন আবু হাজৰ আৰু তাৰ সতীৰ্থই মোৰ পত্নীক গণ ধৰ্ষণ কৰিছে"৷ ২০১২ চনত পাকিস্তানৰ সন্ত্ৰাসবাদী তালিবানৰ সংগী হাকানিয়ে অপহৰণ কৰি বন্দী কৰিছিল বয়েলৰ পৰিয়ালক৷ এই ঘটনাই সমগ্ৰ বিশ্বত চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ তাৰ মাজতে আন এগৰাকী যুৱতীয়ে নৰখাদক ISISৰ বন্দীত্বৰ কালৰ পলাই আহি বন্দীত্বৰ কালৰ ভয়াবহ স্মৃতিৰ কথা উল্লেখ কৰি এখন গ্ৰন্থ প্ৰকাশ কৰে যুৱতীগৰাকীয়ে৷ ISISৰ পলাই আহি বৰ্তমান জাৰ্মানীত বাস কৰি থকা যুৱতীগৰাকীয়ে যৌন নিৰ্যাতন চলোৱাৰ স্মৃতি ৰোমন্থন কৰে৷
ISIS-এ বহু দুধৰ্ষ নেতা-কেডাৰে তাইক যৌন ক্ষুধা নিবাৰণৰ বাবে ব্যৱহাৰ কৰি আহিছিল৷ অকথ্য নিৰ্যাতনৰ লগতে বহু অনৈতিক কামত নিয়োজিত কৰাৰ কথা উল্লেখ কৰে গ্ৰন্থ খনত৷ আই এছ আই এছৰ বৰ্বৰতাৰ-অত্যাচাৰৰ নাদিয়া মুৰাদ হল জীবন্ত সাক্ষী। য়াজিদী মহিলা নাদিয়াক আই এছে চলোৱা অত্যাচাৰৰ বিৱৰণে মানৱতাক লজ্জানত কৰে৷ উত্তৰ ইৰাকৰ নিনেবেহ প্ৰান্তৰ চিৰীয়া সীমান্তত লাগি থকা সিঞ্জাৰৰ কোনো গাঁৱত বাস কৰা আৰু কম সংখ্যক য়াজিদী সম্প্ৰদায়ৰ লোকৰ মাজৰ পৰা নাদিয়াই যোৱা তিনি বছৰৰ পৰা আই এছৰ হাতত বন্দী হৈ আছিল।
তেওঁ যোৱা ২০১৪ চনৰ পৰা চুন্নী সম্প্ৰদায়ৰ কট্টৰপন্থী সংগঠন আই এছৰ হাতত বন্দী হৈছিল। সেই সময়ত নাদিয়াৰ বয়স আছিল মাত্ৰ ২১ বছৰ। তেওঁক বলপূৰ্বক সংগঠনটোৰ আতংক সৃষ্টিকাৰী সদস্য সকলৰ যৌন ক্ষুধা নিৰ্বাপনৰ কামত নিযুক্ত হ’ব লগা হৈছিল। পিচত তেওঁ কেনেবাকৈ তাৰপৰা পলায়ন কৰিবলৈ সক্ষম হয় আৰু এতিয়া তেওঁ জাৰ্মানীত থাকিবলৈ লৈছে। আই এছৰ অধীনত থকা সময়খিনিৰ শিহৰণকাৰী ঘটনাক বিৱৰি অলপতে তেওঁ এখন গ্ৰন্থ প্ৰকাশ কৰে। গ্ৰন্থ খন প্ৰকাশৰ পিছতে আকৌ এবাৰ আই এছৰ বৰ্বৰতাক বিশ্বৰ আগত তুলি ধৰে নাদিয়াই।