কন্দলী পাহাৰৰ বাদুলী খোৰোং মেলাৰপৰা জয়ন্ত মুদৈঃ নগাঁও জিলাৰ দক্ষিণ-পূব প্ৰান্তত অৱস্থিত ইতিহাসপ্ৰসিদ্ধ কন্দলী পাহাৰত সম্পূৰ্ণ উদুলি-মুদুলি পৰিৱেশৰ মাজেৰে বুধবাৰৰেপৰা আৰম্ভ হৈছে ঐতিহাসিক বাদুলী খোৰোং মেলা।
প্ৰতিবছৰে শিৱৰাত্ৰীৰ এদিন পাছৰেপৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ব্যাপক উলহ-মালহেৰে পৰম্পৰাগতভাৱে উদযাপন কৰি অহা এই মেলালৈ পূৰ্বৰ বছৰবোৰৰ দৰেই এইবাৰো আৰম্ভণিৰ দিনাই বৈছে জনতাৰ লানি নিছিগা সোঁত। বৰ্তমান পৰীক্ষাৰ বতৰ চলি থকা সত্ত্বেও সৰ্বত্ৰে উৎসাহ-উদ্দীপনা বিয়পি পৰাৰ লগতে ৰাইজৰ বিপুল সমাগমেৰে কন্দলী পাহাৰ উজ্বলি উঠা দেখিবলৈ পোৱা গৈছে৷
প্ৰকাশ যে, জনবিশ্বাস আৰু কিংবদন্তিৰে ভৰা কন্দলী পাহাৰৰ বুকুত থকা বিস্ময়কৰ এটি শিলৰ গুহাত বছৰ বছৰ ধৰি বসবাস কৰি আহিছে হাজাৰ হাজাৰ ৰং-বিৰঙৰ বাদুলী। এই শিলৰ গুহাটোক কেন্দ্ৰ কৰি বিগত ১৮ টা বছৰে অনুষ্ঠিত কৰি অহা উক্ত বাদুলী খোৰোং মেলা।
প্ৰতিবছৰে অসমৰ বিভিন্ন প্ৰান্তৰপৰা অগণন লোক ঢাপলি মেলে ৰং-বিৰঙৰ শত-সহস্ৰ বাদুলী তথা ঐতিহ্যমণ্ডিত আশ্চৰ্যকৰ গুহাটো চাবলৈ আৰু উৎসুক জনতাৰ উপস্থিতিৰে মেলাস্থলীত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে গোটেই কন্দলী পাহাৰ একপ্ৰকাৰে জনসমুদ্ৰত পৰিণত কৰি তোলে।
প্ৰবাদ মতে, প্ৰাক বৈষ্ণৱ যুগত কন্দলীত ৰাণী প্ৰমিলাই ৰাজত্ব কৰা নাৰী ৰাজ্যত এই আশ্চৰ্যকৰ শিলৰ গুহাটো আছিল। সেই ৰাজ্যত কেৱল নাৰীয়েহে বাস কৰিছিল আৰু সেয়েহে ইয়াত পুৰুষৰ প্ৰৱেশ একেবাৰে নিষিদ্ধ আছিল। যদিহে কোনো পুৰুষে গোপনে প্ৰৱেশৰ চেষ্টা কৰে তেন্তে ৰাজ্যৰ নিয়ম অনুসৰি তাক গুৰুত্বৰ অপৰাধ বুলি গণ্য কৰা হয় আৰু সেই পুৰুষক কঠোৰ শাস্তি প্ৰদানৰ নিয়ম আছিল।
এবাৰ এগৰাকী ঋষিয়ে কৌতুহল দমাব নোৱাৰি পুৰুষ অবিহনে নাৰীসকলে গুহাতনো কি কৰে আৰু কেনেদৰে থাকে তাকে চাবৰ কাৰণে গুহাত মনে মনে সোমাওঁতে ৰাজ্যৰ গুপ্তচৰৰ হাতত ধৰা পৰাত ৰাণী প্ৰমিলাই দোষী সাৰ্বস্ত কৰি ঋষিজনক শিলত ওলোমাই কঠোৰতম শাস্তি প্ৰদান কৰে।
তেতিয়া ৰাণী প্ৰমিলা আৰু নাৰীসকলৰ এনে কাৰ্যত লাজে-অপমানে জৰ্জৰিত ঋষিজনে খঙত অগ্নিশৰ্মা হৈ ৰাজ্যৰ সকলো নাৰীকে গুহাৰ শিলত বাদুলী হৈ ওলমি থাকিবলৈ অভিশাপ দিয়াত সকলো নাৰী লগে লগে বাদুলী হৈ গুহাৰ শিলত ওলমি ৰয় আৰু এই গুহাত আজিও আবদ্ধ হৈ থকা হাজাৰ-বিজাৰ সৰু-বৰ মনোৰমী বাদুলীবোৰেই সেই অভিশপ্ত নাৰীসকল বুলি অতীজৰেপৰা মানুহে বিশ্বাস কৰি আহিছে।
আনকি বাদুলীবোৰ হেনো ঋষিৰ শাপৰ কাৰণেই গুহাৰ নিৰ্দিষ্ট পৰিধি অতিক্ৰম কৰি কেতিয়াও বাহিৰলৈ নোলায় বা অন্য ঠাইলৈ গুছি নাযায়। জনশ্ৰুতি মতে, গহ্বৰৰ অভ্যন্তৰত বামুণী গোসাঁই থান আছে। পূৰ্বতে হেনো মানুহে বামুণী গোসাঁই থানৰ পথেৰে কন্দলীলৈ অহা-যোৱা কৰিছিল।
উল্লেখ্য, ক্ৰমান্বয়ে জনতাৰ আকৰ্ষণৰ অন্যতম স্থলীলৈ ৰূপান্তৰিত হৈ পৰা এই বাদুলী খোৰোং মেলালৈ ৰাজ্যৰ বহু দূৰ-দূৰণিৰপৰা অহা অগণন ভক্তই নিজৰ মনোবাঞ্চা পূৰণৰ অৰ্থে এগছিকৈ বন্তি জ্বলাবলৈ হেতা-ওপৰা লগোৱাৰ উপৰি গুহাত থকা বাদুলীবোৰ স্বচক্ষে চাবৰ বাবে প্ৰচণ্ড ভিৰৰ সৃষ্টি কৰে।
ইফালে, স্থানীয় ৰাইজৰ বিশেষ তৎপৰতাত ২০০১ চনৰে পৰা নিৰৱচ্ছিন্নভাবে প্ৰতিবছৰে ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে আড়ম্বৰপূৰ্ণভাবে অনুষ্ঠিত কৰি অহা এই মেলা উৎসৱভাগ পুৱাৰ ভাগতপতাকা উত্তোলনেৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ ঘটোৱাৰ পাছতেই পৰ্য্যায়ক্ৰমে বাদুলী খোৰোঙৰ দ্বাৰ মুকলি, খোৰোং প্ৰদৰ্শন আদি বিভিন্ন কাৰ্য্যসূচী ৰূপায়নৰ অন্তত বিয়লি পৰ্য্যন্ত অবিৰতভাৱে চলা আকৰ্ষণীয় নাম-কীৰ্তনেৰে মেলাথলীৰ চৌপাশ মুখৰিত কৰি তোলা হয়।
আনহাতে, বাদুলী খোৰোঙৰ কাষতে বিস্তীৰ্ণ এলেকাজুৰি শতাধিক সৰু-বৰ ব্যৱসায় প্ৰতিষ্ঠানৰ অংশগ্ৰহণেৰে বহা এখন হাটে উপস্থিত সকলো লোককে বেছ আকৰ্ষিত কৰিবলৈ সক্ষম হয়। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে সমন্বয়ৰ উৎকৃষ্ট চানেকী দাঙি ধৰি হাঁহি-ধেমালিৰে উক্ত হাটত নিজৰ নিজৰ মন পছন্দৰ সামগ্ৰী ক্ৰয় কৰাৰ দৃশ্য আছিল সঁচাই অতুলনীয়৷