কন্দলী পাহাৰৰ বাদুলী খোৰোঙৰপৰা জয়ন্ত মুদৈঃ নগাঁও জিলাৰ দক্ষিণ-পূব প্ৰান্তত অৱস্থিত ইতিহাস প্ৰসিদ্ধ কন্দলী পাহাৰত বিগত বৰ্ষবোৰৰ দৰে এইবেলিও কাইলৈৰপৰা তিনিদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে ঐতিহাসিক বাদুলী খোৰোং মেলা অনুষ্ঠিত হ’ব৷

কাইলৈ পুৱা ৯ বজাত পতাকা উত্তোলনেৰে উক্ত মেলা উৎসৱৰ শুভাৰম্ভ ঘটোৱাৰ পাছতেই বাদুলী খোৰোঙৰ দ্বাৰ মুকলি, খোৰোং প্ৰদৰ্শন আদি বিভিন্ন কাৰ্যসূচীৰ লগতে ওৰে দিনটো অবিৰতভাৱে নাম-কীৰ্তন অনুষ্ঠিত কৰা হ’ব ৷ তদুপৰি বাকী দিনকেইটাত নানা সাংস্কৃতিক মনোৰম কাৰ্যসূচীৰ আয়োজন কৰা হৈছে৷

স্মৰ্তব্য যে, নানা আখ্যান আৰু জনশ্ৰুতিৰে সাঙুৰ খাই থকা এই মেলা উৎসৱলৈ অসমৰ বিভিন্ন প্ৰান্তৰপৰা হাজাৰ হাজাৰ উৎসুক জনতাৰ আগমন হয় আৰু মেলাস্থলী একপ্ৰকাৰে জনসমুদ্ৰত পৰিণত কৰি তোলে৷ প্ৰণিধানযোগ্য যে, ইতিহাস বিজড়িত কন্দলী অঞ্চলৰ এটি শিলাময় পাহাৰৰ বুকুতেই লুকাই আছে এটি বিস্ময়কৰ গুহা ৷ যি জনসমাজত বাদুলী খোৰোং নামেৰে পৰিচিত৷

ঐতিহাসিক এই আশ্চৰ্যকৰ খোৰোংটোত যুগ যুগ ধৰি শত-সহস্ৰ বাদুলী একেলগে বসবাস কৰি আহিছে৷ জনবিশ্বাস মতে, এই বাদুলীবোৰ হেনো ঋষিৰ শাপত বন্দী হৈ থকা নাৰীৰূপী বাদুলীহে৷ স্থানীয় লোকৰ মতে, প্ৰাক্ বৈষ্ণৱ যুগত কন্দলীত ৰাণী প্ৰমিলাই ৰাজত্ব কৰা নাৰী ৰাজ্যত এই বিস্ময়কৰ শিলৰ গুহাটো আছিল৷ যিহেতু এই ৰাজ্যত কেৱল মাত্ৰ নাৰীয়েহে বসবাস কৰিছিল, সেয়ে ইয়াত পুৰুষৰ প্ৰৱেশ একেবাৰে নিষিদ্ধ আছিল৷

এদিন এগৰাকী ঋষিয়ে কৌতুহল দমাব নোৱাৰি নাৰীসকলে গুহাতনো কি কৰে আৰু কেনেদৰে থাকে তাক চাবৰ বাবে গুহাত সোমাওঁতে গুপ্তচৰৰ হাতত ধৰা পৰাত ৰাণী প্ৰমিলাই ঋষিজনক শিলত ওলোমাই কঠোৰ শাস্তি প্ৰদান কৰে ৷ কাজেই, নাৰীসকলৰ এনে কাৰ্যত লাজে-অপমানে ঋষিজনে খঙত টিঙিৰ তুলা হৈ ৰাজ্যৰ নাৰীসকলক গুহাৰ শিলত বাদুলী হৈ ওলমি থাকিবলৈ শাও দিয়াত সকলো নাৰী লগে লগে বাদুলী হৈ গুহাৰ শিলত ওলমি ৰয় আৰু এই গুহাত আজিও আবদ্ধ হৈ থকা হাজাৰ হাজাৰ বাদুলীবোৰেই সেই অভিশপ্ত নাৰীসকল বুলি অতীজৰেপৰা মানুহে বিশ্বাস কৰি আহিছে৷ 

আনকি বাদুলীবোৰ হেনো ঋষিৰ শাপৰ বাবেই গুহাৰ নিৰ্দ্দিষ্ট সীমা অতিক্ৰম কৰি কেতিয়াও বাহিৰলৈ নাযায় ৷ ইফালে, পূৰ্বৰেপৰা এই গুহাৰ সৈতে স্থানীয় লোকসকলৰ এক ওতপ্ৰোত সম্পৰ্ক জড়িত হৈ আছে৷ 

জানিব পৰা মতে, কাষৰীয়া তিৱা লোকসকলৰ "ছগ্ৰা মিছৱা" অৰ্থাৎ বসন্ত উৎসৱৰ নৃত্যৰ অত্যাৱশ্যকীয় সাজ-পাৰবোৰ বাদুলী খোৰোঙৰপৰা অনাৰ এক পৰম্পৰাগত প্ৰথা ইয়াৰ লগত জড়িত হৈ আছে৷ উৎসৱৰ আগদিনা নৃত্য কৰোতাসকলে প্ৰয়োজনীয় সাজ-পাৰ বিচাৰি পূজা-পাতল দিয়াৰ উপৰি গুহাত এখন শৰাই থৈ আহে আৰু পিছদিনা তেওঁলোকে গুহাৰ ফালৰপৰা শৰাইত থকা সাজ-পাৰবোৰ লৈ আহে৷ 

এই প্ৰথা অতীজৰেপৰা পৰম্পৰাগতভাৱে চলি আহিছিল যদিও কেতবোৰ অসাধু লোকে কাপোৰ ঘূৰাই নিদিয়া আৰু কাপোৰৰ ফুলৰ নমুনা চুৰি কৰাৰ বাবেই সম্প্ৰতি খোৰোঙৰপৰা কাপোৰ অনাৰ নিয়ম নাইকীয়া হৈ গৈছে৷ উল্লেখ্য, বাদুলী খোৰোঙৰ কাষতে থকা প্ৰকাণ্ড শিলৰ নাওখনেৰে বোলে অতীজত এই সাজ-পোছাকবোৰ সংগ্ৰহ কৰিছিল৷ 

আনহাতে, গুহাটোৰ প্ৰৱেশদ্বাৰৰপৰা সাত নং কক্ষত শিৱ-পাৰ্বতীৰ মূৰ্তি থকা এখন থান আছে৷ তদুপৰি গুহাৰে তিনি কিল’মিটাৰ মান আগুৱাই গ’লেই বামুণী পাহাৰত থকা বামুণী গোসাঁই থান পোৱা যায়৷ অতীজতে বোলে মানুহ বামুণী গোসাঁই থানৰ পথেৰে গোপনে কন্দলীলৈ অহা-যোৱা কৰিছিল৷ 

ইফালে, বাদুলী খোৰোঙৰ আশে-পাশে থু পেলোৱা আৰু প্ৰস্ৰাৱ কৰা লোকৰ নানা ধৰণৰ বেমাৰ-আজাৰ, হানি-বিঘিনি ঘটাৰ বহু প্ৰবাদ বৰ্তমানেও ৰাইজৰ মাজত প্ৰচলিত হৈ আছে৷ প্ৰকাশ যে, কেইবছৰমান আগলৈকে বাদুলী খোৰোঙৰ বিষয়ে বিশেষ জনাজাত নাছিল৷ 

কিন্তু চাকৰি সূত্ৰে এই কন্দলী অঞ্চললৈ অহা জিলাখনৰ জাজৰি নিবাসী আব্দুল ৰহমান নামৰ এজন লোকে স্থানীয় কেইবাজনো লোকক লগত লৈ খোৰোঙৰ লুপ্ত ইতিহাস সৰ্বত্ৰে বহুলভাৱে প্ৰচাৰৰ মহৎ উদ্দেশ্য আগত ৰাখি বিশেষ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰে৷ 

যাৰ অংশ হিচাপে ২০০১ চনৰপৰা আজিৰ তাৰিখলৈকে নিৰৱচ্ছিন্নভাৱে প্ৰতিবছৰে শিৱৰাত্ৰিৰ এদিন পাছৰেপৰা ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে এই মেলা উৎসৱ অনুষ্ঠিত কৰি অহা হৈছে৷ অগণন ভক্তৰ সমাৱেশেৰে উদুলি-মুদুলি হৈ পৰা উক্ত মেলা উৎসৱৰ দিনকেইটাত ভক্তই নিজৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে আৰু পূণ্য অৰ্জনৰ পৰম মানসেৰে এগছিকৈ বন্তি জ্বলায়৷ 

এইবাৰো আয়োজক সমিতিয়ে মেলা উৎসৱটি সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে ব্যাপক প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে৷ কিন্তু পৰিতাপৰ কথা যে কিম্বদন্তীৰে ভৰা বিস্ময়কৰ এই বাদুলী খোৰোংটি উপযু্ক্ত ৰক্ষণাবেক্ষণেৰে পৰ্যটকৰ আকৰ্ষণীয় থলী হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে আজিকোপতি বিশেষ গুৰুত্ব আৰোপ কৰা নাই৷ 

তদুপৰি আন এক কথা হৈছে এই খোৰোঙত বাদুলীৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাই অহাটো ৷ খোৰোঙত  খাদ্যৰ অভাৱত পৰি দিনক দিনে বাদুলীৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে৷ গতিকে চৰকাৰে উপযুক্ত পদক্ষেপ গ্ৰহনেৰে ঐতিহাসিক বাদুলী খোৰোংটি ধ্বংসৰ গৰাহৰপৰা উদ্ধাৰ কৰিবলৈ নগঞা সচেতন মহলে দাবী জনাইছে৷