জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত এজন ৰক্তদাতাক চিকিৎসালয়ৰ কৰ্মচাৰীয়ে অভব্য আচৰণ কৰাৰ ঘটনা ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
অভিযোগ অনুসৰি, 'সহায় ৰক্তদান অসম' নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ নগাঁও জিলা সমিতিৰ অনুৰোধ মৰ্মে উক্ত চিকিৎসালয়ত ভৰ্ত্তি হৈ থকা এজন ৰোগীক ৰক্তদান কাৰৰ বাবে মহিদুল ইছলাম নামৰ এজন ৰক্তদাতাই কালি চিকিৎসালয়ৰ ব্লাড বেংকত উপস্থিত হৈছিল।
ঠিক সেই সময়তে চিকিৎসালয়ত কৰ্মৰত ব্লাড বেংকৰ কৰ্মচাৰীয়ে মহিদুল ইছলামক অসভ্য আচৰণ কৰি ৰক্তদান কৰিবলৈ নিদিয়ে।
উল্লেখ্য যে, যি সময়ত যুৱ উশৃংখলতাই সমাজলৈ ভাবুকি কঢ়িয়াইছে, ঠিক সেই সময়তে সহায় ৰক্তদান অসমৰ উদ্যোগত এচাম যুৱক-যুৱতীৰ মহানুভৱতাৰ জৰিয়তে ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ হাস্পতালত চিকিৎসাধীন হৈ থকা ৰোগীৰ প্ৰয়োজনীয় তেজৰ যোগান ধৰি ভিন্নজনৰ জীৱন ৰক্ষা কৰি আহিছে।
আনকি মাত্ৰ এটা বছৰতে 'সহায় ৰক্তদান অসমৰ' উদ্যোগত আৰু নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ সহযোগত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত কেইবাটাও ৰক্তদান শিবিৰৰ আয়োজন কৰি তেজ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।
কিন্তু আশ্চৰ্যজনকভাৱে কালি চিকিৎসালয়ত ৰক্তদাতাক ব্লাড বেংকৰ কৰ্মচাৰীয়ে কৰা অভব্য আচৰণ কৰা ঘটনাৰ উচিত তদন্ত বিচাৰি আজি সহায় ৰক্তদান, অসমে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষকৰ ওচৰত এখন স্মাৰক-পত্ৰ প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে।