নগাঁওঃ যোৱা দুদিন ধৰি সন্ধানহীন হৈ থকা নগাঁও জিলাৰ জাজৰি থানাৰ অন্তৰ্গত ৰাইদঙীয়াৰ আইভেটিৰ অৰুণ বৰা নামৰ এজন শিক্ষকৰ মৃতদেহ ঘৰৰ কিছু নিলগৰ এটা ডুবিত ৰহস্যজনকভাৱে শনিবাৰে উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে, ৰাইদঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক অৰুণ বৰাই নিজৰ এএছ-০২-এন ৮৩৯৩ নম্বৰৰ মটৰ চাইকেলখনেৰে পৰহি পুৱাৰ ভাগত ঘৰৰপৰা ওলাই গৈছিল। কিন্তু এনেদৰে ঘৰৰপৰা ওলাই যোৱাৰ পাছৰেপৰা ৰহস্যজনকভাৱে নিখুঁজ হৈ পৰিছিল শিক্ষকজন৷

হঠাতে শিক্ষকজন নিৰুদ্দিষ্ট হৈ পৰাত উদ্বিগ্ন হৈ পৰা পৰিয়ালৰ লোকে শিক্ষকজনক আত্মীয়-স্বজন তথা সম্ভাব্য সকলো ঠাইতে বিচাৰ-খুচাৰ কৰিও কোনো সম্ভেদ বাহিৰ নোলোৱাত পৰিয়ালবৰ্গ গভীৰ চিন্তাগ্ৰস্ত হৈ পৰি স্থানীয় জাজৰি থানাত এজাহাৰ দাখিল কৰিছিল৷

কিন্তু কালি পুৱাৰ ভাগত ঘৰৰপৰা কিছু নিলগৰ নগাঁও-ধিং সংযোগী গড়কাপ্তানী পথৰ এটা ডুবিৰ পাৰত শিক্ষকজনৰ চেণ্ডল আৰু বাইকখন উদ্ধাৰ হোৱাত জাজৰি আৰক্ষীয়ে নগাঁও এছডিআৰএফৰ এটা দলৰ সহযোগত সেই ডুবিটোত অভিযান চলায় যদিও সফলতা লাভ কৰিবলৈ সক্ষম নহ’ল৷

কিন্তু আজি পুৱা সেই ডুবিটোৰ পানী যুৱঁলিত শিক্ষকজনৰ মৃতদেহ উপঙি থকা প্ৰত্যক্ষ কৰে স্থানীয় কেইজনমান লোকে৷ লগে লগে আৰক্ষী সেই স্থানত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷

ইফালে, দুটি কনমানী সন্তানৰ পিতৃ অৰুণ বৰাৰ এনে ৰহস্যজনক মৃত্যুত সমগ্ৰ ৰাইদঙীয়াতে গভীৰ শোকৰ ছাঁ পৰিছে৷ উল্লেখ্য, কিছুদিনৰপৰা মানসিক অন্তঃদ্বন্দত ভুগি থকা শিক্ষকজনৰ মৃত্যু আত্মহত্যা বুলি আৰক্ষী আৰু স্থানীয় ৰাইজে সন্দেহ ব্যক্ত কৰিছে যদিও মৰণোত্তৰ পৰীক্ষাৰ পাছতহে প্ৰকৃত সত্য পোহৰলৈ আহিব৷