নগাঁওঃ উজনি অসমত চুলাই মদ সেৱন কৰি শতাধিক লোক মৃত্যুৰ মুখত পৰাৰ পাছতহে নগাঁৱৰ আবকাৰী বিভাগ যেন হঠাৎ সাৰ পালে। দীৰ্ঘদিনে আবকাৰী আৰু আৰক্ষীৰ সন্মুখতে নিৰ্বিঘ্নে অবৈধভাৱে সুৰাৰ ৰমৰমীয়া বেহা চলি থকাৰ পাছতো এনে বেহা ৰোধৰ বাবে আগ্ৰহ দেখুৱা নাছিল বিয়াগোম বিভাগটোৱে৷
কিন্তু উজনি অসমৰ ভয়াৱহ ঘটনাৰ পাছতেই সৰ্বত্ৰে সুৰাৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে লোৱা সৰব ভূমিকাৰ বাবেই উপায়্যন্তৰ হৈ শনিবাৰে সন্ধিয়া নগাঁৱৰ আবকাৰী বিভাগ অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযানত নামে৷
নগাঁও চহৰৰ মৰিকলং, চিভিলগেট, ফৌজদাৰিপট্টি আদি কেইবা ঠাইতো অতৰ্কিতে অভিযান চলাই বিভিন্ন চুলাই মদৰ ভাটি উচ্ছেদ কৰাৰ লগতে ভাটিৰপৰা ৫ জন অবৈধ চুলাই ব্যৱসায়ীক আটক কৰে।
ধৃত চুলাই বেপাৰীকেইটা হৈছে দুলাল আলী, ছাকিব আনছাৰী, বাবা হুছেইন, আনোৱাৰ হুছেইন আৰু আব্দুল হামিদ ৷ উজনি অসমত বিষাক্ত চুলাই মদ সেৱন কৰি বহুকেইজন লোক মৃত্যু মুখত পৰাৰ পাছতহে এনেদৰে নগাঁও আবকাৰী বিভাগ তৎপৰ হৈ পৰিছে যদিও এই ধৰণৰ তৎপৰতাই চুলাই মদৰ ভাটি উচ্ছেদ কৰাত কিমানদূৰ সফল হয় সেইয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব।