জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী টুকটুকী নিবাসী তথা কটহগুৰি কনিষ্ঠ মহাবিদ্যালয়ৰ কাৰ্যালয় সহায়ক হাজী আব্দুল কৰিমৰ বৃক্কৰ ৰোগত আক্ৰান্ত হৈ শুকুৰবাৰে নিশা ৮ বজাত নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত দেহাৱসান ঘটে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৫ বছৰ। আজি তেওঁৰ মৃতদেহ নিজ ঘৰলৈ অনাৰ পাছত অগনণ গুণমুগ্ধই তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা জনাবলৈ বাসগৃহত উপস্থিত হয়। দুপৰীয়া তেওঁৰ মৃতদেহ কৰ্মস্থলী কটহগুৰি কনিষ্ঠ মহাবিদ্যালয়লৈ নিয়া হয় আৰু এক শোক সভা অনুষ্ঠিত কৰা হয়।

জ্যেষ্ঠ প্ৰৱক্তা ৰুস্তোম আলীয়ে আঁত ধৰা শোক সভাত বিভিন্নজনে হাজী আব্দুল কৰিমৰ কৰ্মৰাজী আৰু জীৱন আদৰ্শৰ প্ৰতি আলোকপাত কৰি তেওঁৰ বিদেহ আত্মৰ সদগতি কামনা কৰে। হাজী আব্দুল কৰিম জীৱিত কালত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে তবলীগী জামাতৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছিল।

আজি দিনৰ ১:১৫ বজাত কটহগুৰি আঞ্চলিক জামে মছজিদ প্ৰাংগণত অসংখ্য গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ জানাজাৰ নামাজ সম্পন্ন কৰা হয়। সৰবৰহী ব্যক্তি হাজী আব্দুল কৰিমৰ মৃত্যুত কটহগুৰি কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক গোট, কটহগুৰি মহাবিদ্যালয় শিক্ষক গোট, কটহগুৰি সচেতন নাগৰিক মঞ্চ, কটহগুৰি মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক, বটদ্ৰৱা প্ৰেছ ক্লাবৰ লগতে বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰিছে। 

মৃত্যুৰ সময়ত তেওঁ পত্নী, দুজন পুত্ৰ, এজনী জীয়ৰী, বৃদ্ধ পিতৃৰ লগতে বহুতো আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়।