জয়ন্ত মুদৈ, নগাঁওঃ এটা অঞ্চলৰ আৰ্থ-সামাজিক উন্নয়নৰ দিশটো নিৰ্ভৰ কৰে সংশ্লিষ্ট অঞ্চলৰ যাতায়াত ব্যৱস্থাৰ ওপৰত। কিন্তু পৰিতাপৰ বিষয় যে, দেশ স্বাধীন হোৱাৰ সুদীৰ্ঘ ৭১ বছৰ পাৰ হোৱাৰ পিছতো নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ যাতায়াত ব্যৱস্থাৰ আজি পৰ্যন্ত বিশেষ উন্নতি নহ'ল।
এতিয়াও সন্মানীয় সমষ্টিটোৰ বহু অঞ্চলৰ বিধ্বস্ত যাতায়াত ব্যৱস্থাই ৰাইজক জীয়াতু ভুগাই অহা পৰিলক্ষিত হৈছে। আনকি এনে বিধ্বস্ত যাতায়াত ব্যৱস্থাৰ বাবেই সমষ্টিটোৰ কৃষি অৰ্থনীতিৰ লগতে আৰ্থ সামাজিক প্ৰগতিত প্ৰচণ্ড বাধাৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত ঘাইকৈ দুৰ্ভোগ ভুগিবলগীয়া হৈছে বিভিন্ন শিক্ষানুষ্ঠানলৈ আহ-যাহ কৰা ছাত্ৰ-ছাত্ৰী, চিকিৎসালয়লৈ যোৱা ৰোগী, দৈনিক নিজৰ কৰ্তব্য স্থানলৈ যোৱা সৰ্বসাধাৰণ ৰাইজৰ লগতে বেপাৰ-বাণিজ্যৰ লগত জড়িত লোকসকল।
ঠায়ে ঠায়ে কিছুমান পথৰ অৱস্থা ইমানেই শোচনীয় হৈ পৰিছে যে সেই পথৰে ৰাইজে মৰণত শৰণ দিহে যাতায়াত কৰিবলগীয়া হৈছে৷ প্ৰকৃততে গড়কাপ্তানী বিভাগৰ অকৰ্মণ্যতা আৰু অৱহেলাৰ বাবেই সমষ্টিটোৰ বহুকেইটা অতি গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথ বিধ্বস্ত হৈ সুদীৰ্ঘ কাল মেৰামতিৰ অভাৱত পৰি সম্প্ৰতি যাতায়াতৰ অনুপযোগী হৈ পৰিছে৷
সমষ্টিটোৰ সৰ্বস্তৰৰ ৰাইজৰ যাতায়াতৰ বেলিকা অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা নগাঁও-ধিং সংযোগী গড়কাপ্তানি পথ, ডিমৌ-ৰাইদঙীয়া গড়কাপ্তানি পথ, জামতল-ডুমডুমীয়া পথ, চমুৱাগাঁও-মেধীচুক-কমাৰচুক পথ, আলিটাঙনী হাইস্কুলৰপৰা দগাঁও পথ, হাতীযুঁজুৱা-আলিটাঙনী-মেৰাতল পথ, কটহগুৰি-ৰৌমাৰী পথ, বটদ্ৰৱা-বাতমাৰী-বলিকটীয়া পথ, আমলখি-ভেটিবাৰী-বাৰোৱাটি পথ, বাৰোৱাটি-বেছামাৰী পথ, ধনীয়াভেটি-আমলখি পথ, ধূপগুৰি-ভেটিবাৰী পথ, ভোমোৰাগুৰি-আলিটাঙনী পথ, চকলাঘাট-বৰভেটি সংযোগী পথবোৰ বৰ্তমান বোকা-পানীৰে উপচি পৰি মৰণফাণ্ড সদৃশ হৈ পৰিছে৷
উল্লেখ্য যে, এই গড়কাপ্তানি পথ সমূহ গড়কাপ্তানি বিভাগে সুদীৰ্ঘ কাল মেৰামতি নকৰাত পথৰ মাজে মাজে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰো সৃষ্টি হৈছে। এজাক বৰষুণতে এই গাঁত সমূহত পানী জমা হৈ পুখুৰীৰ ৰূপ লয়। ফলত এই বিধ্বস্ত পথৰে সকলো প্ৰকাৰৰ যান-বাহনৰ লগতে পদব্ৰজে আহ যাহ কৰা লোকেও জীয়াতু ভুগিবলগীয়া হৈছে৷ এনে দুৰৱস্থাৰ বাবেই এই জৰাজীৰ্ণ পথ সমূহত সঘনাই সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে।
ইয়াৰে নগাঁও-ধিং গড়কাপ্তানি পথটোৰ বটদ্ৰৱাৰ পৰা ধিং পৰ্যন্ত ন কিলোমিটাৰ পথ মেৰামতিৰ অভাৱত একেবাৰে বিধ্বস্ত হৈ পৰিছে। সমগ্ৰ পথছোৱাৰ মাজে মাজে সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ। পথটোৰ ধিং নগৰৰ মাজমজিয়াৰ অংশত দুই ফুট দ আঠ-দহ ফুট বহল প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত ধিং আৰু মৈৰাবাৰী কৃষি বজাৰলৈ আহ-যাহ কৰাত ভীষণ সমস্যাই দেখা দিছে৷
ফলত যাতায়াত ব্যৱস্থাৰ এনে দুৰৱস্থাই সমষ্টিটোৰ কৃষি অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাইছে। অনুৰূপ অৱস্থা বটদ্ৰৱাৰ জামতল-ডুমডুমীয়া গড়কাপ্তানি পথটোৰ। পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে ডুমডুমীয়া কৃষি বজাৰ খনতো বিৰূপ প্ৰভাৱ পেলাইছে। তদুপৰি ৰাইদঙীয়াৰপৰা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ডিমৌ পৰ্যন্ত সংযোগী পথছোৱাৰ মাজে মাজে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত যাতায়াতৰ বেলিকা ৰাইজে ব্যাপক সমস্যাৰ সন্মুখীন হৈছে।
আনকি এই পথটো গুৰুজনাৰ পবিত্ৰ জন্মভূমিৰ বৰদোৱা থানলৈ নামনি অসমৰ তীৰ্থযাত্ৰীৰ পোনপটীয়া যোগাযোগৰ মাধ্যম৷ কিন্তু আচৰ্যজনক কথাটো হ’ল এই পথসমূহৰ অধিকাংশ পথৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নৌহওঁতেই ঠায়ে ঠায়ে ফাট মেলি বিধস্ত ৰূপ লৈছে। বিশেষকৈ একাংশ দুৰ্নীতি পৰায়ন ঠিকাদাৰ-অভিযন্তাই গোপন বুজাবুজিৰে নিম্ন মানৰ কাম কৰাৰ ফলত পথ সমুহ নিৰ্মাণ কৰাৰ কম দিনৰ ভিতৰত বিধস্ত হৈ পৰাৰ অভিযোগ এতিয়া সৰ্বত্ৰে উঠিছে। ইফালে, বিধস্ত ৰূপ ধাৰণ কৰা পথসমুহ মেৰামতি কৰি যাতায়াতৰ বাবে সুচল কৰি তোলাৰ বাবে স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় জনপ্ৰতিনিধিক বহুবাৰ আবেদন নিবেদন কৰিছে যদিও এতিয়াও ফল ধৰা নাই।
আনকি বটদ্ৰৱা সমষ্টিত যাতায়াত ব্যৱস্থা সুচল কৰাই প্ৰধান লক্ষ্য বুলি সভাই-সমিতিয়ে ঘোষণা কৰি অহা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই নিজৰ কাৰ্যকালৰ তিনিটা বছৰেও সমষ্টিৰ যাতায়াতৰ এই মূল পথসমূহ যাতায়াতৰ উপযোগী কৰি তুলিব নোৱাৰাত সচেতন মহলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷