জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ৰামপুৰ সত্ৰত শনিবাৰে নিশা নিচাজাতীয় দ্ৰব্য উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, ৰামপুৰ সত্ৰৰ ছাহাৱ উদ্দিন নামৰ লোকজনে দীৰ্ঘদিন ধৰি নিজ গৃহৰ লগতে দোকানত নিচাযুক্ত দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল। স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত বটদ্ৰৱা আৰক্ষীৰ এটি দলে যোৱা নিশা গোপন সূত্ৰৰ পম খেদি ছাহাৱ উদ্দিনৰ ঘৰৰপৰা কফ চিৰাফ আৰু নিচাজাতীয় টেবলেটৰ জব্দ কৰিবলৈ সক্ষম হয়।
কিন্তু আৰক্ষী যোৱাৰ উমান পাই ড্ৰাগছ মাফিয়া ছাহাৱ উদ্দিন পলাই যায়। ইফালে, উক্ত ড্ৰাগছ জব্দ কৰা ঘটনা সন্দৰ্ভত নিশাই এটি সাংবাদিকৰ দল বটদ্ৰৱা থানত উপস্থিত হয়। কিন্তু সান্দহ খোৱা বালি তল যোৱাৰ লোভত বটদ্ৰৱা থানৰ আৰক্ষী কনকেশ্বৰ দাসে সাংবাদিকক উদ্দেশ্য কৰি অশ্লীল গালি-গালাজ পাৰি অপদস্থ কৰে।
উক্ত আৰক্ষী বিষয়াজনে দীৰ্ঘদিন ধৰি একে ঠাইতে নিয়োজিত হৈ বৃহত্তৰ অঞ্চলটোত একাংশ অপৰাধী তথা দাদালৰ লগত মিতিৰালি কৰাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। বিগত সময়চোৱাত বৃহত্তৰ বটদ্ৰৱাৰ বিভিন্ন ঠাইত চুৰি, ডকাইতি, অবৈধ মাৰনাস্ত্ৰ উদ্ধাৰ, ধৰ্ষণ, হত্যাৰ ঘটনা সংঘটিত হৈ বাতৰি শিৰোনাম দখল কৰিছে যদিও ইয়াক ৰোধ কৰাত ব্যৰ্থ হৈছে আৰক্ষী। আৰক্ষীৰদ্বাৰা সাংবাদিকক অপদস্থ কৰা ঘটনাক বটদ্ৰৱা প্ৰেছ ক্লাব, ধিং প্ৰেছ ক্লাব, জাজৰি প্ৰেছ ক্লাব, বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থাকে আদি কৰি কেইবাটাও দল সংগঠনে গৰিহণা দিয়াৰ লগতে বৃহত্তৰ অঞ্চলটোত হৈ থকা অসামাজিক ঘটনাৰ ৰোধৰ দাবী তুলিছে।