♦ বেংকৰ বিষয়া-কৰ্মচাৰী জড়িত থকাৰ সন্দেহ ভুক্তভোগীৰ
জয়ন্ত মুদৈ, নগাঁওঃ বিগত কিছুদিন ধৰি নগাঁও চহৰত চিলনী চোৰৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে এটিএমৰপৰা ধন উলিয়াই অনাত সহায় কৰি দিয়াৰ চলেৰে এটা দুৰ্বৃত্তই এগৰাকী মহিলাৰ ধন কৌশলেৰে উলিয়াই নিয়াৰ পাছত এইবাৰ এটিএম হেকাৰৰ কবলত পৰিল এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক।
জানিব পৰা মতে, নগাঁও চহৰৰ হয়বৰগাঁও ষ্টেট বেংকৰ এগৰাকী গ্ৰাহক তথা অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল জলিলৰপৰা হেকাৰে লুটি নিলে ৭,৭৪,৯৮৯ টকা৷ অৱসৰপ্ৰাপ্ত এই শিক্ষক গৰাকীৰ একাউণ্টৰপৰা হেকাৰে চাৰি দিনত লুট কৰি নিলে উল্লিখিত পৰিমাণৰ ধনৰাশি৷
জিলাখনৰ জুৰীয়াৰ মাহিৰীপাৰৰ বাসিন্দা তথা উত্তৰ খাটোৱাল প্ৰাথমিক বিদ্যালয়ৰ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল জলিলৰ হয়বৰগাঁও ষ্টেট বেংকত থকা ১০৭০৭৪০৩১৩০ নম্বৰৰ একাউণ্টটোৰপৰা হেকাৰে লুট কৰি নিলে এই বৃহৎ পৰিমাণৰ ধনৰাশি।
অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকগৰাকীয়ে ব্যৱহাৰ কৰা ফোন নম্বৰটো নিস্ক্ৰিয় কৰি সেই একে নম্বৰৰ অন্য এখন ছিম ব্যৱহাৰ কৰি হেকাৰে লুট কৰি নিয়ে ধনৰাশি। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকগৰাকীয়ে আজি সংশ্লিষ্ট বেংক শাখাটোৰপৰা ধন উলিয়াবলৈ যাওঁতে এই তথ্য পোহৰলৈ অহাত লোকজনে মোৰে-কপালে হাত দিবলগীয়া হয়।
ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী লোকজনে হয়বৰগাঁও আৰক্ষী চকী আৰু বেংক কৰ্তৃপক্ষক পৃথকে পৃথকে লিখিত অভিযোগ দাখিল কৰিছে। এইদৰে নিজৰ সাঁচতীয়া ধন হৰলুকি হোৱাত মৰ্মাহত হৈ পৰা শিক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ অভিযোগ কৰি কয় যে মোৰ একাউণ্টৰপৰা ধন হেকাৰে লুট কৰি নিয়া ঘটনাত বেংকৰ একাংশ বিষয়া-কৰ্মচাৰী জড়িত থাকিব পাৰে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেতেও নগাঁৱত বহু কেইটা অনুৰূপ ঘটনা সংঘটিত হৈছে। মন কৰিবলগীয়া কথা এই যে ধন হেকৰ এনে ঘটনা ভাৰতীয় ষ্টেট বেংকৰ শাখাসমুহত সংঘটিত হৈ আহিছে। ষ্টেট বেংকত ধন ৰখাটো যেন মুঠেই সুৰক্ষিত নহয়। তাকে বাৰে বাৰে প্ৰমাণ কৰিছে।
এই ধৰণৰ ঘটনাৰ ক্ষেত্ৰত বেংক কৰ্তৃপক্ষ আৰু আৰক্ষী প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষ্যনীয় হ'ব।