নগাঁওঃ সমাজৰ দৰিদ্ৰ, নিচলা, মানসিক বিকাৰগ্ৰস্ত, আইনগত বিশেষভাৱে অসহায় মহিলা তথা শিশুসকলৰ কল্যাণৰ বাবে জিলা ন্যায় সেৱা প্ৰাধিকাৰীয়ে কিছুদিনৰ পূৰ্বে নগাঁও জিলাৰ বিভিন্ন গাঁও পঞ্চায়ত সমূহত সহায়ক হোৱাকৈ একোজন অৰ্ধ আইনী স্বেচ্ছাসেৱকক নিযুক্ত কৰিছিল৷ সেই অৰ্ধ আইনী স্বেচ্ছাসেৱকসকলৰ এক প্ৰশিক্ষণ কাৰ্যসূচী মঙলবাৰে দিন যোৰা কাৰ্যসূচীৰে নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত নগাঁও আদালত ভৱনৰ সভাকক্ষত অনুষ্ঠিত কৰা হয়৷

পুৱা ১০:৩০ বজাত বন্তী প্ৰজ্বলনেৰে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ন্যায় সেৱা প্ৰাধিকাৰীৰ সচিব তথা জিলা ও সত্র ন্যায়াধীশ ৰিতা ক'ৰে৷ নগাঁও জিলা ন্যায় সেৱাই কেনেদৰে বিগত দিন সমূহত সমাজৰ দৰিদ্ৰ, নিচলা, আইনগতভাৱে অসহায় লোক সকলক সহায় কৰি সমাজত প্ৰতিস্থা কৰাই আহিছে সেই বিষয়ে ব্যাখ্যা আগবঢ়াই নগাঁৱৰ মুখ্য ন্যায়িক দণ্ডাধীশ মুন মুন বি শৰ্মাই৷

প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি ৰূপে উপস্থিত থাকি অৰ্ধ আইনী স্বেচ্ছা সেৱক-সেৱিকা সকলৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত বহলভাৱে বক্তব্য আগবঢ়াই অৱসৰপ্ৰাপ্ত জিলা ও সত্র ন্যায়াধীশ খগেন দহোটীয়াই৷ অন্যহাতে, সমাজ কল্যাণ বিভাগৰ লগত অৰ্ধআইনী স্বেচ্ছা সেৱক-সেৱিকা সকলৰ লগত স্বেচ্ছাসেৱী অনুষ্ঠান সমূহৰ সমন্বয়ৰ ওপৰত বহলভাৱে ব্যাখ্যা আগবঢ়াই গ্ৰাম বিকাশ পৰিষদৰ মুখ্য উপদ্যেষ্টা চিৰাজ উদ্দিন আহমেদে৷

ইফালে, ন্যায় সেৱা প্ৰাধিকাৰীৰ পেনেল লয়াৰ ৰূপালী গোস্বামীয়ে অৰ্ধ আইনী স্বেচ্ছা সেৱক-সেৱিকা সকলে আদালত চৌহদত অৱস্থিত ক্লিনিকৰ লগতে পঞ্চায়ত সমূহৰ ওপৰি অন্যান্য ঠাইত কেনেদৰে সমাজত নিপিড়িত, দৰিদ্ৰ, মানসিকভাৱে বিকাৰগ্ৰস্ত সকলক সহায় কৰিব সেই বিষয়ে বহল অৰ্থত ব্যাখ্যা আগবঢ়ায়৷ তদুপৰি বিভিন্ন আইনৰ ওপৰত ব্যাখ্যা আগবঢ়াই পেনেল লয়াৰ শ্বাহনাজ চুলতানা আৰু জেচমিন বেগমে৷ অৰ্ধ শতাধিক নৱনিযুক্ত অৰ্ধ আইনী স্বেচ্ছা সেৱক-সেৱিকা উপস্থিত থকা এই কাৰ্যসূচীৰ আঁত ধৰে নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙে৷ বিয়লিলৈ এদিনীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি পৰে৷