♦ জনজাতীয় ৰাইজৰ সামাজিক দায়িত্ববোধৰ এক সুন্দৰ নিদৰ্শন

জয়ন্ত মুদৈ, নগাঁওঃ আয়তিসকলৰ জাক জাক উৰুলীত দেওবাৰে নিশালৈকে উখল মাখল হৈ থাকে নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ এখন অতি পিছপৰা ভিতৰুৱা জনজাতি গাঁও উকহাপাৰ৷

এই উকহাপাৰ গাঁৱৰ সাতামপুৰুষীয়া নামঘৰটোৰ প্ৰাংগণতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উকহাপাৰ প্ৰাথমিক আৰু গাঁও ৰক্ষী বাহিনীৰ যৌথ উদ্যোগত ২৪ টা দৰিদ্ৰ পৰিয়ালৰ দৰা-কইনাৰ মাজত এক সামূহিক বিবাহ সম্পন্ন কৰি তেওঁলোকক অসমীয়া বিবাহৰ সকলো পৰম্পৰা পালন কৰি সামাজিকভাৱে পতি-পত্নী ৰূপে স্বীকৃতি দিয়া হয়৷

তদুপলক্ষে উক্ত গাঁওখনৰ লগতে কলাবাৰী ,পানীগাঁও, মিলনপুৰ আদি নিকতৱৰ্তী ঠাইৰপৰা অহা ১২ যোৰা দৰা কইনাৰ লগতে তেওঁলোকৰ আত্মীয় স্বজনৰ উপস্থিতিৰে গাঁওখনত উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়৷ তথাকথিত উচ্চ সমাজৰ এচাম বিত্তবান লোকৰ ব্যয়বহুল বিবাহ অনুষ্ঠান বিপৰীতে জনজাতীয় ৰাইজৰ সামাজিক দায়িত্ববোধৰ এক অন্যতম নিৰ্দশন হোৱা এই সমূহীয়া বিবাহ অনুষ্ঠানটোৰ আগভাগ লোৱা দীপ কুমাৰ বৰদলৈ, হৰেন কোঁৱৰ, ৰাজেন কোঁৱৰ, দেৱ কান্ত কোঁৱৰ, ধীৰেণ কোঁৱৰ, মিন্টুমনি বৰদলৈ, শচীন কোঁৱৰ, ৰিজু কোঁৱৰকে ধৰি উকহাপাৰৰ গাঁৱৰ লোকসকলৰ সকলোৱে শলাগ লৈছে৷

অনুষ্ঠানটোৰ উদ্যোক্তাসকলে জনোৱা মতে ২০১০ চনৰপৰা গাঁওখনত প্ৰতিবছৰে ব’হাগ মাহত এইদৰে সমূহীয়া বিবাহ সম্পন্ন হৈ আহিছে।