♦ প্ৰতিটো জনগোষ্ঠীৰ উন্নয়নৰ বাবে সংগ্ৰাম পৰিষদে প্ৰতিষ্ঠাৰেপৰাই নিষ্ঠাৰে কাম কৰি আহিছেঃ আবু বক্কৰ ছিদ্দিক
জয়ন্ত মুদৈ, নগাঁওঃ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ, অসমৰ অন্তৰ্গত নগাঁও জিলা সমিতিখনৰ দুই বছৰীয়া কাৰ্যকাল ইতিমধ্যে সমাপ্ত হোৱাত কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰে পুনৰ নগাঁও জিলা সমিতিখন গঠন কৰা হয়।
সেই উদ্দেশ্যে নগাঁও পেন্সন ভৱন প্ৰেক্ষাগৃহত জিলা সভাপতি এহিয়া হাচান আনচাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যখ্যা কৰে সম্পাদক জাহাংগীৰ আলমে। সভাত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সম্পাদক আবু বক্কৰ ছিদ্দিক উপস্থিত থাকি কয় যে, প্ৰতিটো জাতি-জনগোষ্ঠীৰ লোকৰ উন্নয়নৰ বাবে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে প্ৰতিষ্ঠাৰেপৰাই নিষ্ঠাৰে কাম কৰি আহিছে আৰু প্ৰতিটো জনগোষ্ঠীৰ মাজত সমন্বয়ৰ বাৰ্তাৰে সাম্প্ৰতিক সময়ত সহযোগিতা কৰি আহিছে।
সংখ্যালঘু সমাজক বিশেষভাৱে যিবোৰ কু-সংস্কাৰে আৱৰি ধৰি ৰাখিছে ইয়াৰ মূলত কাৰণ হৈছে শিক্ষাৰ অভাৱ। কেৱল মাত্ৰ শিক্ষাৰ যোগেদিয়েই এখন সমাজ আগবাঢ়ি যাব পাৰে। "সংগ্ৰামেই জীৱন" বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য দাঙি ধৰি তেওঁ লগতে কয় যে ধৈৰ্য, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমেই হৈছে সফলতাৰ চাবিকাঠি।
সেয়েহে আমি সকলোৱে ঐক্যবদ্ধভাৱে একত্ৰিত হৈ জাতিৰ স্বাৰ্থত কাম কৰি যাব লাগিব। তেতিয়াহে আমাৰ সমাজখন আৰু এখোজ আগুৱাই যাব। সভাত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি হুছেইন আহমেদ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য খাইৰুল ইছলাম, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ উপদেষ্টা নুৰুল হাচান আৰু নুৰুল আমিনৰ উপস্থিতত সৰ্বসন্মতিক্ৰমে এহিয়া হাচান আনচাৰীক সভাপতি, আব্দুল লতিফক কাৰ্যকৰী সভাপতি, মৌলানা মফিদুল ইছলাম আৰু নজৰুল ইছলাম ভূঞাক উপ-সভাপতি, মুকছিদুল মমিন আৰু ইছমাইল আলীক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ৪১ জনীয়া পূৰ্ণাংগ ৰূপত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিখন গঠন কৰা হয়।
সভাখনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় তিনি শতাধিক কৰ্মী উপস্থিত থাকে।